সংসদৰ সংবিধান দিৱসত উপস্থিত নাথাকে বিৰোধীঃ নিয়মীয়াকৈ সংবিধান অপমান কৰাৰ অভিযোগ…

ডিজিটেল ডেস্কঃ ২৬ নৱেম্বৰ হৈছে দেশৰ সংবিধান দিৱস। এই উপলক্ষে সংসদ ভৱনত শুকুৰবাৰে অনুষ্ঠিত কৰিছে সংবিধান দিৱস।এই অনুষ্ঠানত দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিব। কিন্তু চৰকাৰী ভাৱে অনুষ্ঠিত কৰা এই সংবিধান দিৱস বিসৰ্জন কৰিছে কেইবাটাও বিৰোধী দলে। জানিব পৰা মতে এই অনুষ্ঠান বৰ্জন কৰিছে কংগ্ৰেছ আৰু আন কেইবাটাও বিৰোধী দলে।

সংবিধান দিৱসৰ কাৰ্যসূচী বৰ্জন কৰিবলৈ কংগ্ৰেছে বহু কেইটা বিৰোধী দলৰ লগত যোগাযোগ কৰিছিল। ডি এম কে, শিৱসেনা, আৰ এছ পি, এন চি পি, এছ পি, টি এম চি, চি পি আই, আৰ জে ডি, আই ইউ এম এল আদিৰ সৈতে যোগাযোগ কৰিছিল কংগ্ৰেছে। কংগ্ৰেছৰ এই প্ৰস্তাৱৰ পিছতে চিপিআই, আৰজেডি, ডি এম কে আৰু তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে নিশ্চিত কৰিছে যে তেওঁলোকে ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত চৰকাৰৰ ‘স্বাধীনতাৰ অমৃত মহোৎসৱ’ কাৰ্যসূচীত উপস্থিত নাথাকিব।

সুত্ৰত প্ৰকাশিত খবৰ অনুসৰি, কংগ্ৰেছ আৰু অন্যান্য দলৰ নেতৃত্বৰ মাজত আলোচনাৰ পিছতে আনুষ্ঠানিকভাৱে সংসদৰ এই অনুষ্ঠান বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিৰোধী নেতাৰ দাবী, শাসনাধিস্ত চৰকাৰে নিয়মীয়াকৈ সংবিধানক অপমান কৰি আহিছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3D0gS0g
via IFTTT

Comments