যোৰহাট কাণ্ডত দুই আঘাতপ্ৰাপ্ত মৃদুষ্মন্ত আৰু প্ৰণয় বৰুৱাৰ স্বাস্থ্যৰ অৱনতিঃ জে এম চি এইছত ভৰ্তি….

ডিজিটেল ডেস্কঃ যোৰহাট কাণ্ডত আঘাতপ্ৰাপ্ত হোৱা প্ৰতিদিন টাইমৰ সাংবাদিক মৃদুস্মন্ত বৰুৱা আৰু ছাত্ৰ নেতা প্ৰণয় বৰুৱা পুনৰ গুৰুতৰ ভাৱে অসুস্থ হৈ পৰিছে। দুয়োগৰাকী আঘাতপ্ৰাপ্তক ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে জে এম চি এইছত। নিশা সতীৰ্থ অনিমেষ ভূঞাৰ শেষকৃত্য অনুষ্ঠানত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জনাইছিল দুয়ো সতীৰ্থই। ইয়াৰ পিছতে নিশাই অসুস্থ হৈ পৰে মৃদুস্মন্ত আৰু প্ৰণয়।

উল্লেখ্য যে, সোমবাৰে যোৰহাটৰ মাজমজিয়াত এজন সুৰাপায়ি ব্যক্তিক সহায় কৰিবলৈ গৈ এজাক নৰ পিশাচৰ দলবদ্ধ আক্ৰমণৰ সন্মুখীন হৈছিল অনিমেষ ভূঞাৰ লগতে মৃদুস্মন্ত বৰুৱা আৰু প্ৰণয় বৰুৱা। দলবদ্ধ আক্ৰমণৰ অনিমেষে প্ৰাণ ত্যাগ কৰাৰ বিপৰীতে আঘাতপ্ৰাপ্ত হৈছিল মৃদুস্মন্ত আৰু প্ৰণয়।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3EmAWvj
via IFTTT

Comments