বিৰোধী ঐক্যত ফাট! কংগ্ৰেছক কি কথাত বেয়া পালে মমতা বেনাৰ্জীয়ে?

ডিজিটেল ডেস্কঃ সংসদৰ শীতকালীন অধিৱেশন প্ৰাৰ্কক্ষণত বিৰোধী ঐক্যত ফাট মেলা পৰিলক্ষিত হৈছে। দৰাচলতে শীতকালীন অধিৱেশনত ঐক্যৱদ্ধভাৱে থিয় দিয়াৰ বাবে কংগ্ৰেছে আহ্বান জনোৱা বিৰোধীৰ বৈঠকত অংশগ্ৰহণ নকৰে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে।

সোমবাৰে বিৰোধী দলসমূহৰ বৈঠকৰ আহ্বান জনাইছিল বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেই। তৃণমূল কংগ্ৰেছৰ বৰ্জনৰ পিছত দুটা বিৰোধী দল সমাজবাদী পাৰ্টি আৰু আম আদমি পাৰ্টিয়ে এই বৈঠকৰ পৰা আতৰি থকাৰ সম্ভাৱনা বৃদ্ধি পাইছে।

জানিব পৰা মতে তৃণমূল কংগ্ৰেছৰ গোৱা শাখাৰ বিৰোধিতাৰ বাবই কংগ্ৰেছে আহ্বান কৰা এই বৈঠকৰ পৰ আতৰি থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় নেতৃত্বই। উল্লেখ্য যে, গোৱাত কংগ্ৰেছ আৰু বিজেপিৰ বিৰুদ্ধ নিৰ্বাচনত অৱৰ্তীণ হৈছিল তৃণমূল কংগ্ৰেছ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3xusaIM
via IFTTT

Comments