পুৱাৰ খবৰ…

১. অসমত পুনৰ ১২৩জন কোৰোনাত আক্ৰান্ত। ইয়াৰে ৫৮জন কামৰূপ মেট্ৰ’ৰ, ১২জন বৰপেটাৰ, ৯জন শোণিতপুৰৰ আৰু ৮জন কামৰূপ গ্ৰাম্যৰ। এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈআছে ১৩৭৩জন ৰোগী। ইফালে, শনিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় ১৮৯জন লোক। আনহাতে, উক্ত দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ৫জনৰ মৃত্যু হয়।

২. মানকাচৰত ড্রাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। ঔষধালয়ৰ পৰা জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা, নিতাজাতীয় দ্রব্য। ৯৬০টা নিচাজাতীয় টেবলেটসহ ৬০০ গ্রাম গাঞ্জা জব্দ। ঔষধালয়খনৰ স্বত্বাধিকাৰ মুকছেদুল মিঞাক আটক । ঔষধালয়খনৰ কৰ্মচাৰী ৰাহুল ইছলামকো আটক।

৩. বৰাকৰ অসমীয়া ভাষা সন্দৰ্ভত জুবিন গাৰ্গৰ প্রতিক্রিয়া- ‘৮ বছৰ মই বৰাকত আছিলো। সেই সময়ত তেনেকুৱা কোনো অপ্রীতিকৰ পৰিস্থিতি হোৱা নাছিল। সকলোৱে মিলিজুলি আছিল, এতিয়াও আমি সকলোৱে মিলি থাকিব লাগিব। এই বিষয় লৈ বিশেষ কোনো চৰ্চা কৰাৰ প্রয়োজন নাই। ‘কা’ আন্দোলন আৰম্ভ হ’লে এইবাৰ আমি ৰাজপথত আন্দোলন নকৰো। সামাজিক মাধ্যমত আমি আন্দোলন আৰম্ভ কৰিম ‘কা’ৰ বিৰুদ্ধে।

৪. কৰিমগঞ্জৰ নিলামবজাৰ এলেকাৰ বালিয়াত জব্দ বৃহৎ পৰিমাণৰ ড্রাগছ। কৰিমগঞ্জ আৰক্ষীয়ে জব্দ কৰে ২ লাখ ৫৯ হাজাৰ য়াবা টেবলেট। উদ্ধাৰ কৰা টেবলেটৰ বজাৰ মূল্য প্রায় ৮ কোটি টকা। সীমা সুৰক্ষা বাহিনীৰ তথ্যৰ ভিত্তিত চলিছিল অভিযান। গাঁতত পুতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰে টেবলেটখিনি।

৫. দেৰগাঁৱৰ নেঘেৰিটিঙত ভয়াৱহ পথ দুৰ্ঘটনা। পালচাৰ আৰু অচিনাক্ত বাহনৰ মুখামুখি সংঘৰ্ষ। থিতাতে নিহত বাইক আৰোহী বিতোপন সেনাপতি। দুৰ্ঘটনা সংঘটিত কৰিয়েই অচিনাক্ত বাহনৰ পলায়ন।

৬. খানাপাৰাৰ প্ৰশাসনীয় পদাধিকাৰ মহাবিদ্যালয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেল। ১০০ শতাংশ কোভিড ভেকচিন প্ৰদানৰ লক্ষ্য চৰকাৰৰ। ১ কোটি ১৫ লাখ ৫৯ হাজাৰ দ্বিতীয় পালি কোভিড প্ৰদান। ২ কোটি ১০ লাখ প্ৰথম পালিৰ ভেকচিন প্ৰদান কৰা হৈছে। কোভিডৰ নতুন প্ৰকাৰৰ বাবে অসমবাসীক সতৰ্ক থাকিবলৈ আহ্বান। ২৯ নৱেম্বৰৰ পৰা হ’ব ‘মেগা চাৰ্টিফিকেচন ড্ৰাইভ’। ভোটাৰ তালিকা লৈ ঘৰে ঘৰে যাব কৰ্মচাৰী। ভেকচিন গ্ৰহণ কৰিছে নে নাই সেই বিষয়ে কৰিব পৰীক্ষা। ৫ ডিচেম্বৰলৈকে চলিব এই ‘মেগা চাৰ্টিফিকেচন ড্ৰাইভ’।

৭. দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শনিবাৰে পঞ্জাৱৰ মোহালীত উপস্থিত হয়। মোহালীত চাকৰি নিয়মীয়াকৰণৰ বাবে দাবী উত্থাপন কৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে পানীৰ টেংকীৰ ওপৰত উঠি প্ৰতিবাদ কৰা শিক্ষকসকলৰ কাষত উপস্থিত হয় দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী। কেজৰিৱালে আশ্বাস দিয়ে যে যদি পঞ্জাৱত আম আদমী পাৰ্টীৰ চৰকাৰ গঠন হয় তেন্তে যিসকল শিক্ষকৰ চাকৰি বৰ্তমানলৈ নিয়মীয়াকৰণৰ কৰা হোৱা নাই তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰা হ’ব।

৮. হোজাই জিলাৰ নীলবাগানত পুনৰ অবৈধ গাড়ী পাৰ্কিঙক লৈ ভয়ংকৰ মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি শনিবাৰে পৰিস্থিতি উত্তপ্ত হৈ পৰে। উত্তেজিত লোকে হাতে হাতে লাঠি, বাটাম লৈ এটা পক্ষই আনটো পক্ষক খেদি খেদি ভয়ংকৰ আক্ৰমণ কৰা পৰিলক্ষিত হয়৷ দুয়োটা পক্ষৰ কেবাজন লোক গুৰুতৰভাৱে আহত হৈ পৰে৷ এক যুদ্ধসদৃশ পৰিবেশ সৃষ্টি হয় নীলবাগান বজাৰৰ মাজমজিয়াত। দুয়ো পক্ষৰ কেবাজন লোক আহত হয় যদিও চাৰিজনকৈ লোক গুৰুতৰভাৱে আহত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

৯. দক্ষিণ আফ্ৰিকাত কোৰোনাৰ নতুন ভেৰিয়েন্ট ‘অমিক্ৰ’ন’ লাভ কৰাৰ পাছতে পৰা ই সমগ্ৰ বিশ্ববাসীৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। সকলো স্থানতে নতুন কোভিডৰ এই ভেৰিয়েন্টটোক লৈ শংকিত হৈ পৰিছে। ভাৰততো কেন্দ্ৰীয় চৰকাৰে এই নতুন ভেৰিয়েন্টটোক লৈ তীক্ষ্ণ নজৰ ৰখাৰ নিৰ্দেশ দিছে। দিল্লী চৰকাৰে ইতিমধ্যে অমিক্ৰ’নক লৈ নিৰ্দেশনা জাৰি কৰিছে।

১০. এটা চাউলত চাৰি ৰাষ্ট্ৰৰ চাৰিখন ৰঙীন ৰাষ্ট্ৰীয় পতাকা অংকণেৰে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰাবলৈ সক্ষম হ’ল কলিয়াবৰৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে। নাম তেওঁৰ প্ৰতিভা মহিলাং। তেওঁক ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ কৰ্তৃপক্ষই প্ৰদান কৰে এই বিৰল সন্মান। নগাঁও জিলাৰ কলিয়াবৰৰ দলগাঁও নিবাসী মানদাস সৎনামী আৰু অনিমা সৎনামীৰ জ্যেষ্ঠা কন্যা প্ৰতিভা মহিলাঙে তেওঁৰ নিজ প্ৰতিভাৰে আজুৰি অনা বিৰল সন্মানে জিলাখনৰ লগতে ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3cULoxR
via IFTTT

Comments