কয়লা চোৰ যদি ডালে ডালে, আৰক্ষী পাতে পাতে!

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটাত নিত্য নতুন কৌশলেৰে চোৰাং কয়ালৰ বেহা অব্যাহত থকাৰ মাজতে মাৰ্ঘেৰিটা আৰক্ষীও চোৰাং কয়লা বেহাৰ বিৰুদ্ধে টঙালি বন্ধা দেখা গৈছে। আজি মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত নামদাং কলিয়ৰী সমিপত এ এছ ২৩ এ ৪১২১ নম্বৰ এখন মাৰুটি ভান সহ দুজন কয়লা চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মাৰ্ঘেৰিটা আৰক্ষী।

গ্ৰেপ্তাৰ কৰা কয়লা চোৰ দুজন ক্ৰমে মাৰ্ঘেৰিটা জয়ানগৰস্থিত লিবিয়ান গগৈ(৩০) আৰু মাৰ্ঘেৰিটা ষ্টেচন পাৰাৰ কৃষ্ণ কুমাৰ দেৱ(৩২) বুলি আৰক্ষীয়ে জানিবলৈ দিছে। দুই কয়লা চোৰে কৌশলেৰে ব্যক্তিগত মাৰুটি ভান গাড়ীৰ ভিতৰত চোৰাং কয়লা খিনি মাৰ্ঘেৰিটা আলুবাৰী সমিপৰ এটা বিশেষ স্থানলৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিল বুলি সূত্ৰত প্ৰকাশ। মাৰ্ঘেৰিটা আৰক্ষী থানাৰ গোচৰ নং ২৬৯ / ২১ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

উল্লেখ যে ইতিপূৰ্বে মেক্স গাড়ীৰ তলত কয়লা ওপৰত বালি , ভঙা ইটা, মাটি আদি দি সৰবৰহা কৰা চোৰাং কয়লা গাড়ীৰ লগতে যাত্ৰীবাহি মেজিক গাড়ীত কয়লা সৰবৰাহ কৰাৰ সময়ত মাৰ্ঘেৰিটা আৰক্ষীয়ে ইতিমধ্যেই জব্দ কৰিবলৈ সক্ষম হৈছিল আজি পুনৰ ব্যক্তিগত মাৰুটি ভান গাড়ীৰে কয়লা চোৰ কৰাৰ সময়ত জব্দ হয় দুজন কয়লা চোৰ সহ বাহন । মাৰ্ঘেৰিটাত এতিয়া চৰ্চা হৈছে কয়লা চোৰ যদি ডালে ডালে আৰক্ষী পাতে পাতে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3xz52Jp
via IFTTT

Comments