টুইটাৰৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱাল….

ডিজিটে ডেস্কঃ মাইক্ৰ’ব্লগিং ছাইট টুইটাৰৰ সহ-প্ৰতিষ্ঠাপক জেক ডাৰ্চিয়ে কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়াপদ ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। তেওঁৰ ঠাইত ভাৰতীয় বংশোদ্ভূত পৰাগ আগৰৱালক নিযুক্তি প্ৰদান কৰা হৈছে। এতিয়াৰে পৰা টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া হ’ব ভাৰতীয় মূলৰ পৰাগ আগৰৱাল। ইয়াৰ পিছতে বিভিন্নজনে পৰাগক শুভেচ্ছা জ্ঞাপন কৰিছে। আনহাতে টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদ ত্যাগ কৰা জেক ডাৰ্চিয়েও পৰাগক এই দায়িত্ব দিয়াৰ বাবে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে প্ৰশংসা কৰিছে।

জেক ডাৰ্চিয়ে কৈছে, টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে পৰাগৰ ওপৰত তেওঁৰ গভীৰ বিশ্বাস আছে। যোৱা ১০ বছৰত তেওঁৰ কাম অত্যন্ত দৰ্শনীয় আছিল। ডৰ্চিয়ে লগতে কৈছে যে তেওঁ পৰাগৰ হৃদয়, ব্যক্তিত্ব আৰু দক্ষতাৰ বিষয়ে নিশ্চিত আৰু অতি কৃতজ্ঞ। এতিয়া তেওঁৰ নেতৃত্ব দিয়াৰ সময়।

উল্লেখ্য যে, পৰাগ আগৰৱাল টুইটাৰৰ মুখ্য প্ৰযুক্তি বিষয়া (চি টি অ’) হিচাপে কৰ্মৰত আছিল। তেওঁ টুইটাৰৰ মুখ্য কাৰিকৰী বিষয়া, আৰু সম্পূৰ্ণ কাৰিকৰী দায়িত্বত আছিল। ডাৰ্চিৰ মতে, পৰাগ আগৰৱালে টুইটাৰত এজন অভিযন্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। এতিয়া তেওঁ চি ই অ’ৰ দায়িত্ব ল’ব।

কম্পিউটাৰ বিজ্ঞানত ডক্টৰেট লাভ কৰা পৰাগ আগৰৱালে আই আই টি বোম্বাইৰ পৰা অভিযান্ত্ৰিক ডিগ্ৰী গ্ৰহণ কৰিছে। তাৰ পিছত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ বিজ্ঞানত পি এইচ ডি কৰিছে।

আগৰৱালে ২০১১ চনত টুইটাৰত যোগদান কৰিছিল। তেতিয়াৰ পৰা তেওঁ টুইটাৰত কাম কৰি আছে। তেওঁক ২০১৭ চনত কোম্পানীৰ চি টি অ’ হিচাপে দায়িত্ব দিয়া হৈছিল। যিসময়ত পৰাগে টুইটাৰত যোগদান কৰিছিলসেই সময়ত কৰ্মচাৰীৰ সংখ্যা ১০০০ তকৈ কম আছিল। পৰাগে টুইটাৰত যোগদান কৰাৰ আগতে মাইক্ৰছফ্ট আৰু য়াহুতো সেৱা আগবঢ়াইছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3xA4jrn
via IFTTT

Comments