পুৱাৰ খবৰ…

১. অসমত পুনৰ ১৩৩জন কোৰোনাত আক্ৰান্ত। ইয়াৰে ১১০জন কোভিড পজিটিভ, ৭জন যোৰহাটৰ, ৪জন নগাঁৱৰ, ৩জন ডিব্ৰুগড়ৰ। এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৩৪৪জন ৰোগী। দেওবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় ১৬১ জন লোক। তাৰ বিপৰীতে উক্ত দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত এজনৰ মৃত্যু।
২. কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত চৌতাৰাত দেওবাৰে বিয়লি আৰক্ষীৰ দল এটাই অতৰ্কিতভাৱে অভিযান চলাই ড্ৰাগছসহ সৰবৰাহকাৰী এটাক আটক কৰিবলৈ সমৰ্থ হয়৷ জানিব পৰামতে ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত জোৰশিমুলী আৰক্ষীৰ সহযোগত দেওবাৰে বিয়লি চৌতাৰাত অতৰ্কিতভাৱে অভিযান চলায়৷ আৰক্ষীৰ অভিযানকালত চৌতাৰা গাঁও নামৰ ঠাইখিনিৰ পৰা ১০টা ড্ৰাগছভৰ্তি কণ্টেইনাৰসহ সৰবৰাহকাৰী এটাক আটক কৰিবলৈ সক্ষম হয়৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰী গৰৈমাৰীৰ মহিমাৰী গাঁৱৰ হাৰুন আল ৰশিদ বুলি চিনাক্ত কৰা হৈছে৷
৩. নুমলীগড়ৰ দেওপাহাৰত শোকাৱহ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বাগৰি পৰে এখন ট্ৰাক। দুৰ্ঘটনাত পতিত ট্ৰাকখনৰ নম্বৰ এএছ ০৫ চি ৮১০০। থিতাতে নিহত ট্ৰাক খনৰ সহায়ক কমল বাগটি। গুৰুতৰ ভাৱে আহত চালক দেবেন তাঁতীক নুমলীগড় বিবেকানন্দ চিকিৎসালয়ত ভৰ্তি। উল্লেখযোগ্য যে, দুৰ্ঘটনা ট্ৰাকখনৰ ভিতৰত বহু সময় চেপা খাই আছিল চালক দেবেন তাঁতী। স্থানীয় লোকে উদ্ধাৰ কৰে চালকজনক।
৪. নতুন ক’ভিড সংক্রমণৰ বাবে যাতায়াতৰ সন্দৰ্ভত চৰকাৰৰ নতুন নিৰ্দেশনা। আন্তঃৰাষ্ট্রীয় যাতায়াতৰ ক্ষেত্রত চৰকাৰৰ এই নতুন নিৰ্দেশনা। কেন্দ্রীয় স্বাস্থ্যমন্ত্রীয়ে এই সন্দৰ্ভত প্রকাশ কৰিছে নতুন নিৰ্দেশনা। ১ ডিচেম্বৰৰ ১৪ দিনৰ ভ্রমণৰ তথ্য দিব লাগিব বিদেশৰ পৰা অহা যাত্রীয়ে। যাত্রীৰ বাবে ক’ভিড পৰীক্ষা বাধ্যতামূলক। বিমান বন্দৰত প্রতিজন যাত্রীৰ বাবে ক’ভিড পৰীক্ষা বাধ্যতামূলক। পৰীক্ষাত নিগেটিভ ৰিজাল্ট অহা যাত্রীকহে দিয়া হ’ব যাত্রাৰ সুবিধা। পজিটিভ ফল ওলোৱাসকলক ৭ দিনৰ বাবে ৰখা হ’ব হোম কোৱাৰেণ্টাইনত। ৮ দিনৰ পিছত পুনৰ ক’ভিড পৰীক্ষা কৰা হ’ব। নিগেটিভ আহিলেও তেওঁলোকক পৰ্যবেক্ষণত ৰখা হ’ব।
৫. কামাখ্যা ধামৰ মন্দিৰ পৰিচালনা সমিতিৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা। দলৈ হিচাপে নিৰ্বাচিত কবিন্দ্র শৰ্মা। সৰু দলৈ হিচাপে নিৰ্বাচিত হিমাদ্রী শৰ্মা। কামাখ্যা ধামৰ ৪২৮গৰাকী পুৰোহিতে নিৰ্বাচিত কৰে দলৈ দুগৰাকীক। কামৰূপ(ম) জিলা উপায়ুক্তৰ তত্বাৱধানত অনুষ্ঠিত হৈছিল নিৰ্বাচন।
৬. পুনৰ নগাঁৱত উদ্ধাৰ হৈছে ড্ৰাগছ ৷ লগতে আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে অবৈধ মাৰাণাস্ত্ৰও ৷ আৰক্ষীয়ে এই ড্ৰাগছ আৰু মাৰণাস্ত্ৰসমূহৰ লগতে গ্ৰেপ্তাৰ কৰিছে দুজনকৈ লোকক ৷ জানিব পৰা মতে, দেওবাৰে নিশা নগাঁও আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি ৰাঙলু বৰাইহাগীত অভিযান চলায়৷এই অভিযান কালত আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰে ৷ গ্ৰেপ্তাৰ কৰা লোক দুজনৰ নাম হৈছে চিদ্দিক আলি আৰু ফইজুল ইছলাম ৷
৭. বোকাজানত বিদ্যুৎ বিভাগৰ বৃহৎ অভিযান । বিদ্যুৎ চুৰিৰ বিৰুদ্ধে এতিয়া সৰৱ হৈ পৰিছে বোকাজান বিদ্যুৎ বিভাগ । বোকাজান নগৰৰ ভিন্ন স্থানত অভিযান চলালে বিদ্যুৎ বিভাগে । অভিযান কালত ধৰা পৰিছে বহু লোকৰ বিদ্যুৎ চুৰি কাণ্ড । অতি কৌশলেৰে কাৰিকৰী বুদ্ধি ব্যৱহাৰ কৰি বিদ্যুৎ চুৰি একাংশ লোকৰ । চুৰি কাৰ্য্য ধৰা পৰাৰ পিছতেই বিদ্যুৎ কৰ্তন কৰে বিদ্যুৎ বিভাগে । লগতে বহু সামগ্ৰী জব্দও কৰিছে বিদ্যুৎ বিভাগে । পানী তোলা মেচিন , ঘৰৰ AC আৰু চুৰি কাৰ্য্যত ব্যৱহৃত অন্যান্য সামগ্ৰী ।
৮. বতৰ বিজ্ঞান কেন্দ্ৰই শেহতীয়াকৈ দেশৰ ৮খন ৰাজ্যত জাৰি কৰিছে হাই এৰ্লাট। কেন্দ্ৰই সদৰি কৰা তথ্য অনুসৰি এই ৰাজ্যকেইখন ২৯নৱেম্বৰৰ পৰা ১ ডিচেম্বৰৰ ভিতৰত হব প্ৰৱল বৃষ্টিপাত। বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি, তামিলনাডু, পুডুচেৰী, কেৰালা, অন্ধ্ৰপ্ৰদেশ, লক্ষ্যদ্বীপত প্ৰৱল বৃষ্টিপাত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ বিপৰীতে আৰৱ সাগৰৰ ঘূৰ্ণী বতাহৰ ফলত গুজৰাট, গোৱা আৰু মহাৰাষ্ট্ৰতো বৃষ্টিপাত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
৯. কুৱলীৰ ফলত পশ্চিম বংগত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত নিহত হৈছে ১৮গৰাকীকৈ লোক। ৫গৰাকী লোক আহত হোৱাৰ খবৰ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশ পাইছে। নয়দা জিলাত সংঘটিত হোৱা এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰীয়ে। উল্লেখ্য যে, বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকত খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনাতো। প্ৰচণ্ড গতিত অহাৰ বাবেই এনে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হবলৈ পালে বুলি প্ৰত্যক্ষদৰ্শীয়ে সংবাদ মাধ্যমৰ আগত কৰিছে।
১০. ড্ৰাগছৰ কৰাল গ্ৰাসত নগাঁৱৰ পশ্চিমাঞ্চল। নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ বাহিনীয়ে ইতিমধ্যে কেইবাটাও কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক এনকাউন্টাৰ কৰিছে যদিও এতিয়াও কেৰেপ নকৰে আৰক্ষীক। আৰক্ষীৰ চকুত ধূলি দি সৰবৰাহ কৰি আহিছে নিষিদ্ধ ড্ৰাগছ। এইবাৰ ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত কিন্নৰ সহ আটক তিনি কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী। নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ নিৰ্দেশত ডি এছ পি দীপ্তি মালিৰ সহযোগত বটদ্ৰৱা আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই বটদ্ৰৱাৰ কদমনি পথাৰ গাঁৱৰ পৰা আটক কৰে তিনিটাকৈ কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3E0GCuI
via IFTTT
Comments
Post a Comment