মূল্যবৃদ্ধি ৰোধৰ দাবীত টায়াৰ জ্বলাই পথ অৱৰোধৰে জাগুনত উত্তাল প্ৰতিবাদ সাব্যস্ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ…

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা অসম চৰকাৰ হায়ঃ হায়ঃ, যোগান বিভাগ মুৰ্দাবাদ, এই জুই জ্বলিছে এই সংগ্ৰাম চলিছে চলিবৈ, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি শ্ল’গানেৰে আজি মাৰ্ঘেৰিটাৰ জাগুনৰ আকাশ বতাহ কঁপাই তুলে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ টিৰাপ গেটত টিৰাপ-জাগুন আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগ ৩১৫ নং ৰাষ্ঠীয় ঘাই পথত টাইয়াৰ জ্বলাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত। কৰে। অত্যাৱচ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ প্ৰতিবাদত এই কায্যসূচী ৰূপায়ণ কৰে ছাত্ৰ সংগঠনটোৱে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ সদস্য সকলে। পুৱা দহ বজাৰ পৰা প্ৰায় দুই ঘণ্টা পথ অৱৰোধ কাৰ্যসূচীত পথটোৰ দুয়ো পাৰে যান বাহন চলাচল ব্যাহত হৈ পৰা পৰিলক্ষিত হয়।

আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি টিৰাপ-জাগুন আঞ্চলিক সমিতিৰ উদ্যোগত টিৰাপ গেট তিনিআলিট অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, পেট্ৰলজাত সামগ্ৰীৰ লগতে ৰন্ধন গেছৰ আকাশলংঘী মূল্যবৃদ্ধি ৰোধ কৰিবলৈ ব্যৰ্থ হোৱা প্ৰধানমন্ত্ৰীৰ পুতলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰা আজিৰ কাৰ্যসূচীত উপস্থিত থাকে টিৰাপ-জাগুন আঞ্চলিক সমিতিৰ সভাপতি বাৰীক খান, কাৰ্যকৰী সভাপতি ধৰ্মৰাজ শৰ্মা, যুটীয়া সম্পাদক দিল হাজং।

আজিৰ প্ৰতিবাদস্থলীৰ পৰাই ছাত্ৰ মুক্তিৰ নেতৃত্বই কেন্দ্ৰ তথা ৰাজ্য চৰকাৰ হুংকাৰ প্ৰদান কৰি কয় যে অনতিপ্ৰলমে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ সন্মুখীন হ’বলৈ বিজেপি নেতৃত্বাধীন চৰকাৰ খনক সাজু থাকিবলৈ হুংকাৰ প্ৰদান কৰে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3leJPzr
via IFTTT

Comments