কলিয়াভোমোৰাত কালিকা লাগিছে ! আকৌ দলঙৰ ৰেলিং ভাঙি ওলমি ৰ’ল ট্ৰাক,সন্ধানহীন ট্ৰাকৰ হেণ্ডিমেন…

ডিজিটেল ডেস্কঃ পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে কলিয়াভোমোৰা দলঙত। দুদিনমান পূৰ্বে ৰড কঢ়িওৱা ট্ৰাক কলিয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি লুইতৰ বুকুত বিলীন হোৱাৰ পিছত এইবাৰ পুনৰ আ এখন ট্ৰাক কলিয়াভোমাৰত দুৰ্ঘটনাত পতিত হৈ দলঙৰ ৰেলিং ভাঙি ওলমি ৰ’ল।

বৃহস্পতিবাৰে নিশা ১ বজাৰ পৰা ২ বজাৰ ভিতৰত সংঘটিত হোৱা এই দুৰ্ঘটনাৰ ফলত ট্ৰাকখনৰ হেণ্ডিমেনগৰাকী সন্ধানহীন হৈ আছে। বৰ্তমানেও পোৱা নাই তেওঁৰ সন্ধান। ট্ৰাকখনৰ চালকগৰাকীয়ে এই বিষয়ে সদৰি কৰিছে। চালকগৰাকীয়ে সদৰি কৰা মতে তিনিচুকীয়াৰ পৰা আহি আছিল তেওঁলোক।

কলিয়াভোমোৰা দলং পোৱাৰ পিছতে দুৰ্ঘটনা সংঘটিত হোৱা ঠাইত ট্ৰাকখনৰ ষ্টেয়েৰিং লক হৈ যায় আৰু এখন মালবাহী মেজিকৰ সৈতে সংঘৰ্ষ হয়। ইয়াৰ পিছতে ট্ৰাকখন বাগৰি গৈ দলঙৰ ৰেলিং ভাঙি কোনোমতে ওলমি ৰয়। ফলত ট্ৰাকখনত থকা হেণ্ডিমেনগৰাকীয়ে ব্ৰহ্মপুত্ৰত জাপ দিয়াৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

বৰ্তমান সন্ধানহীন হেণ্ডিমেনগৰাকীৰ নাম দিলীপ তাছা। উল্লেখ্য যে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা কলিয়াভোমোৰাৰ দুয়োপাৰে তীব্ৰ যানযতৰ সৃষ্টি হৈছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3nTujKZ
via IFTTT

Comments