ঢকুৱাখনাৰ চেইণ্ট থমাছ স্কুলত সংবিধান দিৱস পালন…

ডিজিটেল সংবাদ ঢকুৱাখনা: বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক গণৰাজ্য ভাৰতবৰ্ষৰ ৭২ সংখ্যক সংবিধান দিৱসটি ঢকুৱাখনা মহকুমাৰ নামজ্বলা ইংৰাজী মাধ্যমৰ উচ্চ শিক্ষানুষ্ঠান চেইণ্ট থমাছ স্কুলত শুক্ৰবাৰে পালন কৰা হয়। ১৯৪৯ চনৰ ২৬ নৱেম্বৰত প্ৰণয়ন কৰি ১৯৫০ চনৰ ২৬ জানুৱাৰীত কাৰ্যকৰী কৰা বিশ্বৰ সৰ্ব বৃহৎ লিখিত সংবিধানখনৰ ৭২ সংখ্যক দিৱসটো বিদ্যালয়খনত দৈনন্দিন পৰিক্ৰমাৰে মৰ্নিং এচেম্বলী সম্পন্ন হোৱাৰ পাছত সংবিধান দিৱসৰ তাৎপৰ্য সম্পৰ্কে বিস্তৃত ভাবে অবলোকন কৰে নৱম শ্ৰেণীৰ ছাত্ৰী ভাস্বতী ছত্ৰধৰাই ।
স্কুলৰ অধ্যক্ষ চেবি এম বেবীয়ে আঁত ধৰা অনুষ্ঠানটোত শিক্ষাৰ্থী সকলক সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰাই অষ্টম শ্ৰেণীৰ ছাত্ৰী ৰুকশ্ৰী সন্দিকৈয়ে। বিদ্যালয়খনৰ ৭ শতাধিক শিক্ষাৰ্থী, সমূহ শিক্ষক কৰ্মচাৰী উপস্থিত থকা দিৱসৰ কাৰ্যসূচীত প্ৰস্তাৱনা সংগীতেৰে দিৱসৰ সামৰণি মৰা হয়। উল্লেখযোগ্য যে ৭২ সংখ্যক সংবিধান দিৱস উপলক্ষত বিদ্যালয়খনৰ চতুৰ্থ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে শিক্ষাৰ্থী সকলৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰি অধ্যক্ষ চেবি এম বেবীয়ে ৰাষ্ট্ৰবাসীলৈ পবিত্ৰ সংবিধান দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছে ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3nUAO0g
via IFTTT
Comments
Post a Comment