ছাউথ এছিয়ান গেমছত সোণৰ পদক লাভ কৰা ভলীবল দলত নগাঁৱৰ দুই খেলুৱৈ…

ডিজিটেল সংবাদ, নগাঁও: নগাঁও জিলাৰ গ্ৰাম্যাঞ্চল আলিটাঙনীৰ খেলুৱৈ আজমল কবিৰ আৰু উদমাৰী আমিৰ হুছেইনে ৩১ অক্টোবৰত নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত ছাউথ এছিয়ান গেমছত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে। উক্ত খেলত ভাৰতীয় দলে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷ ভাৰতীয় দলে নেপালক ৩-২ গলত পৰাস্ত কৰে৷ আলিটাঙনীৰ অৱসৰ প্ৰাপ্ত শিক্ষক প্ৰয়াত মৌলানা আব্দুছ সাহিদৰ কনিষ্ঠ পুত্ৰ আজমল কবিৰ আৰু উদমাৰীৰ আব্দুৰ ৰহিমৰ পুত্ৰ তথা ৰূপহী মহাবিদ্যালয়ৰ স্নাতক বানিজ্য শাখাৰ ছাত্র আমিৰ হুছেইনক লৈ গৌৰাম্বিত হৈ পৰিছে জুৰীয়াবাসী। দৰিদ্ৰ পৰিয়ালৰ আমিৰ হুছেইনৰ পিতৃ এগৰাকী সাধাৰণ শ্ৰমিক।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3GDe1gN
via IFTTT

Comments