নিৰ্বাচন আয়োগৰ কাঢ়া নিৰ্দেশঃ জয়লাভৰ পাছত সমদল বাহিৰ নকৰিব…

ডিজিটেল ডেস্কঃ ৰাজ্যত লাহে লাহে কোৰোনাৰ সংক্ৰমণ বৃদ্ধি পাইছে যদিও তেনে পৰিৱেশৰ মাজতে আজি ৫সমষ্টিৰ ভোটগণনা কিছু সময়ৰ পিছত আৰম্ভ হব। কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই নিৰ্বাচন আয়োগে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে যে, সকলো ভোটকেন্দ্ৰতে যাতে পালন হয় কোভিড গাইড লাইন।
ইয়াৰোপৰি নিৰ্বাচন আয়োগৰ স্পষ্ট নিৰ্দেশনা যে, জয়লাভৰ পাছত কোনো প্ৰাৰ্থী বা সমৰ্থকে সমদল বাহিৰ কৰিব নোৱাৰিব। বেছি জনসমাগম হলেই প্ৰাৰ্থী গৰাকীৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব নিৰ্বাচন আয়োগ। জয়ৰ প্ৰমাণপত্ৰ ল’বলৈ প্ৰাৰ্থীৰ লগত যাব পাৰিব মাত্ৰ দুজন লোক।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3k052MG
via IFTTT
Comments
Post a Comment