পুৱাৰ খবৰ…

১. অসমত পুনৰ ২৯৬জন কোৰোনাত আক্ৰান্ত। ইয়াৰে ১১৬জন কামৰূপ মেট্ৰ’ৰ, ২৭জন কামৰূপ গ্ৰাম্যৰ, ২২জন বৰপেটাৰ আৰু ২০জন যোৰহাটৰ। এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬১০৯৪১জনলৈ পাইছে বৃদ্ধি। সোমবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় ৩৩৫জন লোক। ইফালে, উক্ত দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ৭জনৰ মৃত্যু। এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২২৮১জন ৰোগী।

২. ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এএছ ২১ এফ ২১৮৯ নম্বৰৰ বাইক আৰোহীক উজনি অসম অভিমুখী এএছ ০১ ই জে ৬৬৭৬ নম্বৰৰ তীব্ৰ বেগী এখন বলেনো বাহনে প্ৰচণ্ড জোৰেৰে খুন্দিওৱাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোৰ ফলত ব’লেনোখনত থকা চাৰিজন যাত্ৰীৰ উপৰিও গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় বাইক আৰোহী তথা এজন পথচাৰী। ঘটনাস্হলীত ক্ষেত্ৰী আৰক্ষী উপস্হিত হৈ আহত আটাই কেইজনকে চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও সোণাপুৰ জিলা চিকিৎসালয়ত আহত পথচাৰী চন্দ্ৰ বাহাদুৰ চেত্ৰী(৫০) ক মৃত বুলি ঘোষণা কৰে।

৩. উজবেকিস্তানৰ সমৰকন্দৰ জৰ্মড প্ৰতীক্ষা চিকিৎসালয় গোটত মুখ্য চিকিৎসা প্ৰশাসনিক বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি শেহতীয়াকৈ চহৰলৈ উভতি অহা গুৱাহাটীৰ ডাঃ গীতাৰ্থ ৰয়মেধিক ৩১ অক্টোবৰ অৰ্থাৎ দেওবাৰে “অসম ষ্টাৰ বঁটা ২০২১” প্ৰদান কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ ভৱনত ৰাজ্যখনৰ সামাজিক-সাংস্কৃতিক গোটে “অসম তাৰকা” শীৰ্ষক অনুষ্ঠান আয়োজন কৰে। 

৪. সোমবাৰে বিয়লি প্ৰায় ৩.৩০ মান বজাত ধেমাজি সদৰ আৰক্ষীয়ে আৰক্ষী থানাৰ পৰা প্ৰায় ৮ কিলোমিটাৰ নিলগৰ মৰিঢলৰ এখন পকা দলঙৰ সমীপৰ পৰাই তিনি লক্ষাধিক ৫০০ টকীয়া জালনোট সহ চাৰিজন যুৱকক ধেমাজি আৰক্ষীয়ে কৰায়ত্ব কৰে৷ আৰক্ষীয়ে জনোৱা মতে বিয়লি ৩ মান বজাত চিমেনচাপৰি অঞ্চলৰ পৰা এ আৰ ২২ ১০০৮ নম্বৰ ব’লেৰো গাড়ী আৰু এ.এছ ২২ ৮৭৭৭ নম্বৰৰ আনখন বিলাসী হোণ্ডাচিটি গাড়ীত চাৰিজন যুৱকে জালনোটৰ টকাখিনি কোনো লোকক দিব লৈ আনিছিল ৷

৫.  জু-ৰোড তিনিআলিত নিচাজাতীয় সামগ্ৰীসহ গ্ৰেপ্তাৰ দুজন লোকক। গীতানগৰ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰজুল আলী আৰু বাপুকন নামৰ দুজনক। আৰক্ষীয়ে ২.৪৮ গ্ৰাম নিচাজাতীয় সামগ্ৰী আৰু ১৪,৭৮০ টকা জব্দ কৰে। লগতে জব্দ কৰে ম’বাইল ফোনো। ইউ/এছ ২১ (এ)/২৯ নম্বৰ এনডিপিএছ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

৬. কেন্দ্ৰীয় ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰোৰ ভয়াবহ তথ্য প্ৰকাশ। ২০২০ চনত ভাৰতত ১ লাখ ৫৩ হাজাৰ লোকৰ আত্মহনন। ২০২০ত অসমত ৩২৪৩গৰাকী লোকে কৰিছে আত্মহনন। দেশৰ মুঠ অত্মহনন কৰা লোকৰ ২.১ শতাংশ অসমৰেই। অসমত ২০২০ চনত ৩৬ শতাংশ আত্মহননৰ ঘটনা বৃদ্ধি পাইছে। সৰ্বাধিক মহাৰাষ্ট্ৰত ১৯,৯০৯ গৰাকী লোকে কৰিছে আত্মহনন। জন্তুৰ আক্ৰমণত এশগৰাকী লোকৰ মৃত্যু হৈছে অসমত।

৭.  মহানগৰীৰ নুনমাটিত উদ্ধাৰ এটা অচিনাক্ত পুৰুষৰ মৃতদেহ। চূনচালিৰ ঘন জংঘলত উদ্ধাৰ অৰ্ধগলিত মৃতদেহটো। ঘটনাস্থলীত নুনমাটি আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। কেইবা দিনৰে পৰা মৃতদেহটো তাত পৰি থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

৮. অসম বিধানসভাৰ ৫ সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগণনা কৰা হ’ব মঙলবাৰে পুৱা ৮ বজাৰ পৰা। ভোট গণনাৰ বাবে সাজু হৈছে অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ তত্বাৱধানত পৰিচালিত ৰাজ্যৰ সংশ্লিষ্ট জিলা নিৰ্বাচনী বিষয়া আৰু ৰিটাৰ্ণিং বিষয়া সমন্বিতে নিৰ্বাচন পৰিচালকমণ্ডলী। ২ নবেম্বৰ অৰ্থাৎ মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া ভোট গণনাৰ কাৰ্যসূচীৰ সুচাৰুৰূপে সম্পাদন কৰিবলৈ সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

৯. প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ নামত সংঘটিত কেলেংকাৰীৰ ন ন তথ্য পোহৰলৈ আহিছে। দৰিদ্ৰ কৃষকক ৪মাহৰ মূৰে মূৰে ২০০০টকাকৈ দিয়া এই হিতাধিকাৰী আচঁনিৰ নামত ৰাজ্যখনত সংঘটিত হৈছিল ব্যাপক কেলেংকাৰী। একাংশ কৃষি বিষয়াৰ পৃষ্ঠপোষকতাতেই সংঘটিত হৈছিল এই অনিয়ম। দুখীয়া কৃষকৰ ধন আত্মসাৎ কৰা সেই বিষয়াসকলক শাস্তি দিয়াৰ বিপৰীতে ৰঙা দলিচা পাৰিহে দিছে কৃষি বিভাগে। নামে-বেনামে লাখ লাখ কৃষকৰ নাম পঞ্জীয়ন কৰি এচাম কৃষি বিষয়াই উলিয়াই নিছিল কোটি কোটি টকা ধন। 

১০. গোসাঁইগাঁৱৰ ৩১ নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন টেংকাৰৰ মাজত মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাৰ পাছতে জ্বলি উঠে দুয়োখন বাহন। অগ্নিদগ্ধ হৈ গাড়ীৰ ভিতৰতে মৃত্যু টেংকাৰ দুখনৰ চালকৰ। কথমপি প্রাণ ৰক্ষা এজন হেণ্ডিমেনৰ। দুৰ্ঘটনাগ্রস্ত টেংকাৰদুখনৰ নম্বৰ NL 01 AE 8064/MH 43 Y 7201 ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ZGcDce
via IFTTT

Comments