মহানগৰীৰ উপকণ্ঠ ক্ষেত্ৰীৰ বামফৰত ভয়ংকৰ পথ দুৰ্ঘটনা…

ডিজিটেল সংবাদ, মায়ংঃ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এএছ ২১ এফ ২১৮৯ নম্বৰৰ বাইক আৰোহীক উজনি অসম অভিমুখী এএছ ০১ ই জে ৬৬৭৬ নম্বৰৰ তীব্ৰ বেগী এখন বলেনো বাহনে প্ৰচণ্ড জোৰেৰে খুন্দিওৱাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোৰ ফলত ব’লেনোখনত থকা চাৰিজন যাত্ৰীৰ উপৰিও গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় বাইক আৰোহী তথা এজন পথচাৰী।

ঘটনাস্হলীত ক্ষেত্ৰী আৰক্ষী উপস্হিত হৈ আহত আটাই কেইজনকে চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও সোণাপুৰ জিলা চিকিৎসালয়ত আহত পথচাৰী চন্দ্ৰ বাহাদুৰ চেত্ৰী(৫০) ক মৃত বুলি ঘোষণা কৰে। আনহাতে, এই দুৰ্ঘটনাৰ ফলত পথৰ কাষেৰে গৈ থকা দুটি পশুধনৰো মৃত্যু ঘটে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3BB90Bp
via IFTTT

Comments