বকোৰ সোণতলীত বাইক চোৰ আটক…

ডিজিটেল সংবাদ, ছমৰীয়া: দক্ষিণ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলীত দেওবাৰে নিশা আটক এজন বাইক চোৰ। প্ৰাপ্ত তথ্য মতে, নিশা সোনতলী বজাৰত বাইক ৰখাই থোৱা অৱস্থাত চোৰজনে নিজৰ কৌশল ব্যাৱহাৰ কৰি বাইক লৈ উধাও হৈছিল। মুহূৰ্ততে ৰাইজৰ মাজত হাহাঁকাৰৰ সৃষ্টি হয়। ঘটনা সন্দৰ্ভত ৰাইজে সোনতলী আৰক্ষী চকীৰ আৰক্ষী বিষয়া অৰ্জুন তালুকদাৰক খৱৰ দিয়াত আৰক্ষীৰ এটা দল চোৰৰ সন্ধানত নামি পৰে।
অৱশ্যে চোৰৰ কপাল আছিল বেয়া। বদলা পোৱা সময়তে ৰাস্তাত বাইকৰ তেল শেষ হোৱাত ৰাস্তাত বাইক থৈ পলাবলৈ লোৱা অৱস্থাতে সোনতলী আৰক্ষীয়ে বাইক চোৰক বাইক সহিতে আটক কৰিবলৈ সক্ষম হয়৷ এ এছ ২৫ এফ ৫৫১৬ নম্বৰৰ বাইকখনৰ সৈতে জাওকাটা দিয়া গাঁৱৰ সমেজ উদ্দিনৰ পুত্ৰ নুৰ আলম নামৰ চোৰজনক আটক কৰি সম্প্ৰতি সোনতলী আৰক্ষী চকীলৈ লৈ আহে আৰক্ষীৰ দলটোৱে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3nNd8tc
via IFTTT
Comments
Post a Comment