পুৱাৰ খবৰ…

১. অসমত পুনৰ ২১২জন কোৰোনাত আক্ৰান্ত। ইয়াৰে ৯৬জন কামৰূপ মেট্ৰ’ৰ, ২৬জন বৰপেটাৰ, ১৮জন লখিমপুৰৰ আৰু ১৪জন যোৰহাটৰ। এতিয়ালৈকে ৰাজ্য কোৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৬১০৬৪৫জনলৈ পাইছে বৃদ্ধি। ইফালে, দেওবাৰৰ দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ২৩৬জন লোক সুস্থ হয়। আনহাতে, উক্ত দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত এজনৰ মৃত্যু। উল্লেখযোগ্য যে, অসমত বৰ্তমান পজিটিভিটী হাৰ ১.৪১ শতাংশলৈ বৃদ্ধি পাইছে। ৰাজ্যত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৩২৭জন ৰোগী।
২. দক্ষিণ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলীত দেওবাৰে নিশা আটক এজন বাইক চোৰ। প্ৰাপ্ত তথ্য মতে, নিশা সোনতলী বজাৰত বাইক ৰখাই থোৱা অৱস্থাত চোৰজনে নিজৰ কৌশল ব্যাৱহাৰ কৰি বাইক লৈ উধাও হৈছিল। মুহূৰ্ততে ৰাইজৰ মাজত হাহাঁকাৰৰ সৃষ্টি হয়। ঘটনা সন্দৰ্ভত ৰাইজে সোনতলী আৰক্ষী চকীৰ আৰক্ষী বিষয়া অৰ্জুন তালুকদাৰক খৱৰ দিয়াত আৰক্ষীৰ এটা দল চোৰৰ সন্ধানত নামি পৰে।
৩. দৰঙৰ দলগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হৈছে ৫জনকৈ লোক। এখন ট্ৰাক আৰু ছুইফট ডিজায়াৰাৰ খুন্দাত তিনিজন যুৱক আৰু এগৰাকী মহিলা আৰু আন এগৰাকী কিশোৰীৰ মৃত্যু হয়। ইফালে, আন তিনিজন গুৰুতৰভাৱে আহতক ভৰ্তি কৰা হৈছে মঙলদৈ অসামৰিক চিকিৎসালয়ত। এই পথ দুৰ্ঘটনাত নিহত সকলক ইতিমধ্যে চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, নিহত কেইজন ক্ৰমে- ছানিয়া আখতাৰা, মঞ্জু বেগম,ফৰিদুল ইছলাম,ইব্ৰাহিম আলী আৰু আব্দুল আৱাল। উল্লেখযোগ্য যে, নিহত ছানিয়া আখতাৰা এগৰাকী অসমৰ জনপ্ৰিয় ইউটিউবাৰ।
৪. নিউজেলেণ্ডৰ হাতত পৰাস্ত হ’ল ভাৰত। টি-২০ বিশ্বকাপত পাকিস্তানৰ হাতত পৰাস্ত হোৱাৰ পাছত নিউজিলেণ্ডৰ হাততো হ’ল ভাৰত পৰাস্ত। দেওবাৰৰ মেচখনত মাত্ৰ ১১০ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হ’ল ভাৰত। ২০ অভাৰত ভাৰতে ৭টা উইকেট হেৰুৱাই মাত্ৰ ১১০ ৰান সংগ্ৰহ কৰে। কিন্তু নিউজিলেণ্ডে খেলপথাৰত মানি মাত্ৰ দুটা উইকেট হেৰুৱাই ভাৰতে বান্ধি দিয়া লক্ষ্যত উপনীত হয়। ১৪.৩ অভাৰতে নিউজিলেণ্ডে ১১১ ৰান কৰি পৰাস্ত কৰি ভাৰতক।
৫. হলিউডৰ জনপ্ৰিয় ছবি আৰু চৰিত্ৰ জ’কাৰৰ দৰে কাপোৰ পৰিধান কৰি ২৪ বছৰীয়া এজন যুৱকে দেওবাৰে সন্ধিয়া টকিঅ’ত এখন ৰে’ল লাইনত যাত্ৰীসকলক আক্ৰমণ কৰে, য’ত প্ৰায় ৪ চাৰিজনকৈ লোক আহত হয়। ইয়াৰে এজনৰ অৱস্থা অতি সংকটজনক। এই ব্যক্তিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। ইফালে, স্থানীয় সংবাদমাধ্যমৰ বাতৰি অনুসৰি, ব্যক্তিজনে ৰে’লখনত অগ্নি সংযোগ কৰা বুলিও জানিব পৰা গৈছে।
৬. কিংবদন্তি বক্সাৰ মেৰী কমৰ স্বামীকে অনখোলাৰে শনিবাৰে মণিপুৰ বিধানসভা নিৰ্বাচনত প্ৰাৰ্থীৰূপে অংশ লোৱাৰ কথা ঘোষণা কৰিছে। তেওঁ ৰাজ্যখনৰ চাইকোট বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। তথ্য অনুসৰি, তেওঁ সমষ্টিটোৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বৰ্তমানৰ বিধায়ক টি এন হাওকিপৰ বিৰুদ্ধে পোনপটীয়া যুঁজ দিব। তেওঁ অৱশ্যে এতিয়ালৈকে কোনো ৰাজনৈতিক দলত যোগদান কৰা নাই।
৭. অলিম্পিকত স্বৰ্ণ পদক কঢ়িয়াই অনা নীৰজ চোপ্ৰাক মহিন্দ্ৰা গ্ৰুপে উপহাৰ হিচাপে দিলে বিলাসী গাড়ী। পূৰ্বতে দিয়া প্ৰতিশ্ৰুতি অনুসৰিয়েই এই উপহাৰ আগবঢ়ালে মহিন্দ্ৰুা গ্ৰুপে। Mahindra XUV 700 মডেলৰ গাড়ীখন নীৰজ চোপ্ৰালৈ আগবঢ়ালে গ্ৰুপটোৱে। উল্লেখ্য যে, মহিন্দ্ৰা গ্ৰুপৰ চেয়াৰমেন আনন্দ্ৰ মহিন্দ্ৰাই টুইটাৰযোগে সদৰি কৰিলে এই কথা। মহিন্দ্ৰা গ্ৰুপৰ প্ৰতিনিধিয়ে নীৰজক অৰ্পন কৰিলে বিলাসী বাহনখন।
৮. ঘোষ ব্ৰাৰ্ডাছ প্ৰতুল ঘোষক আৰক্ষীয়ে কৰিছে আটক। ঋণ আত্মসাত কৰাৰ এক গোচৰত আটক কৰা হৈছে তেওঁক। আই ডি বি আই বেংকৰ গণেশগুৰি শাখাৰ পৰা লৈছিল এক কোটি ১০লাখ টকাৰ ঋণ। ব্যৱসায়ৰ বাবে হোৱা ঋণ ব্যৱহাৰ কৰিছিল ব্যক্তিগত কামত। ঘূৰাই দিয়া নাছিল বেংকক ঋণ। আই ডি বি আই বেংকৰ কৰ্তৃপক্ষই তৰিছিল গোচৰ। সেই গোচৰৰ আধাৰত আৰক্ষীয়ে আটক কৰিছে ঘোষ ব্ৰাৰ্ডাছৰ স্বত্বাধিকাৰীগৰাকীক।
৯. দক্ষিন কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত কলহীকাষ গাওঁৰ এগৰাকী চৈধ্য বছৰীয়া কিশোৰীয়ে আত্মহণন কৰা ঘটনা পোহৰলৈ আহিছে।প্ৰাপ্ত তথ্য অনুসৰি,কলহীকাষ গাওঁৰ কিশোৰী আকলিমা খাতুনে শনিবাৰে বিদ্যালয়ৰ পৰা ঘৰলৈ আহি ঘৰৰ ভিতৰত ঘৰত কোনো নথকাৰ সুযোগ লৈ ঘৰৰ কাঠৰ কেঞ্চিত ফাঁচী দিয়ে।পিছত পৰিয়ালৰ লোকে ঘটনাৰ বিষয়ে জনাত শোকাকুল পৰিৱেশৰ সৃষ্টি হয় আৰু বকো আৰক্ষীক অৱগত কৰে।খৱৰ পোৱাৰ পিছতে বকো আৰক্ষী থানাৰ আৰক্ষী বিষয়া ননীগোপাল সৰকাৰ সহ এটি আৰক্ষীৰ দলে আকলিমা খাতুনৰ ঘৰত উপস্থিত হয় আৰু মৃতদেহ টো থানালৈ লৈ আনে।
১০. চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম দিৱসটি সমগ্ৰ ৰাষ্ট্ৰই দেওবাৰে ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰিছে। নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফাৰটিলাইজাৰ কৰ্পৰেচন লিমিটেডেও আজি ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰে। এই উপলক্ষে দেওবাৰে পুৱা গান্ধী ময়দানত উদ্যোগটোৰ বিষয়া কৰ্মচাৰী সমবেত হৈ লৌহ মানৱ গৰাকীক শ্ৰদ্ধাঞ্জলি জনায়। ইয়াৰ পিছতে উদ্যোগটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড০ শিৱ প্ৰসাদ মাহান্তিয়ে দিৱস সন্দৰ্ভত সাৰুৱা বক্তব্য প্ৰদান কৰাৰ লগতে উদ্যোগটোৰ বিষয়া কৰ্মচাৰী সকলক ৰাষ্ট্ৰীয় একতা দিৱসৰ শপত বাক্য পাঠ কৰোৱায়।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ZPVnRY
via IFTTT
Comments
Post a Comment