পেগাচাছ কেলেংকাৰীঃ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব ৰায়…

ডিজিটেল ডেস্কঃ দেশৰ ৰাজনীতি গৰম কৰি তোলা পেগাচাছা কেলেংকাৰী সন্দৰ্ভত বুধবাৰে উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ কৰিব। উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে এই গোচৰৰ ৰায় ঘোষণা কৰিব। উল্লেখ্য যে দেশৰ বিৰোধী ৰাজনৈতিক নেতা, সংবাদ কৰ্মী, সমাজকৰ্মীৰ লগতে বহু বিশিষ্ট নেতাৰ বিৰুদ্ধে পেগাচাছ ছফ্টৱেৰৰ জৰিয়তে ফোন টেপিঙকে ধৰি তেওঁলোকৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰু ইয়াৰ পিছতে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি বিতৰ্কৰ সূত্ৰপাত হৈছিল।
পেগাচাছ কেলেংকাৰী সন্দৰ্ভত উচ্চতম ন্যায়ালয় দাখিল কৰা হৈছিল কেইবাখনো আবেদন। বুধবাৰে পুৱা ১০-৩০ বজাত এই আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে ৰায় প্ৰদান কৰিব। বিচাৰপীঠখনত মুখ্য ন্যায়াধীশ এন ভি ৰমনা, ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ হিমা কোহলিৰে গঠন কৰা হৈছিল এই বিচাৰপীঠ।
মনকৰিবলগীয়া যে পেগাচাছ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত মুঠ ১২ খন আবেদন দাখিল কৰা হৈছিল। পূৰ্বে শুনানিৰ সময়ছোৱাত দেশৰ মধাধিবক্তা তুষাৰ মেহতাই উচ্চতম ন্যায়ালয়ত দেশৰ ৰাজহুৱা স্বাৰ্থ আৰু নিৰাপত্তাৰ কথা উল্লেখ কৰি গোচৰটোত বিতং শপতনামা দাখিল কৰিবলৈ অস্বীকাৰ কৰিছিল।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2XLWiBY
via IFTTT
Comments
Post a Comment