ইটালীলৈ প্ৰধানমন্ত্ৰী মোডী…

ডিজিটেল ডেস্কঃ চাৰিদিনীয়া বিদেশ ভ্ৰমণৰ বাবে ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ২৯ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ তেওঁ ইটালীত থাকিব। ইয়াতে তেওঁ জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছতে তেওঁ স্কটলেণ্ডৰ গ্লাছগোত উপস্থিত হ’ব। ইয়াত তেওঁ চি অ’ পি ২৬ জলবায়ু পৰিৱৰ্তন সন্মিলনত অংশগ্ৰহণ কৰিব। পি টি আইৰ মতে, প্ৰধানমন্ত্ৰীয়ে ইটালী ভ্ৰমণৰ সময়ত ভেটিকান চিটি ভ্ৰমণ কৰি পোপ ফ্ৰান্সিছক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, ২০২০ চনতে অনুষ্ঠিত হোৱাৰ কথা আছিল জি-২০ বৈঠকখন। কিন্তু কোৰোনাৰ বাবে পিছুৱাই দিব লগা হৈছিল এই বৈঠক। এই বৈঠক এতিয়া ইটালীৰ ৰোমত অনুষ্ঠিত হ’ব। প্ৰধানমন্ত্ৰী মোডী ৩১ অক্টোবৰৰ দুপৰীয়ালৈকে ৰোমত থাকিব। তাৰ পিছত তেওঁ গ্লাছগোলৈ ৰাওনা হ’ব।

জি-২০ক ‘বিশ্ব অৰ্থনৈতিক ইঞ্জিন’ বুলিও কোৱা হয়। জি-২০ৰ এইয়া অষ্টম বৈঠক হ’ব। এইবাৰ বিষয়বস্তু হৈছে মানুহ, গ্ৰহ, সমৃদ্ধি। চাৰিটা মুখ্য বিষয় বিবেচনা কৰা হ’ব। মহামাৰী আৰু জলবায়ু পৰিৱৰ্তনৰ পৰা পুনৰুদ্ধাৰ মুখ্য সমস্যা হ’ব। মোডীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী মাৰিঅ’ দ্ৰাঘিক লগ কৰিব বুলিও আশা কৰা হৈছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3126jfA
via IFTTT

Comments