তেজপুৰৰ বিশিষ্ট শিক্ষািবদ হেমন্ত কুমাৰ বৰুৱা আৰু নাই…

ডিজিটেল ডেস্কঃ হেমন্ত কুমাৰ বৰুৱা আৰু নাই। শুকুৰবাৰে পুৱা ৭.৫২ মিনিটত ইহ সংসাৰ ত্যাগ কৰিলে বিশষ্টি শিক্ষাবিদগৰাকীয়ে।বৰাৰ মৃত্যুত তেজুপুৰে হেৰুৱালে এগৰাকী অভিভাৱক। লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যাপক হেমন্ত কুমাৰ বৰুৱা শোণিতপুৰৰ সমাজ, সংস্কৃতি, সাহিত্যকে ধৰি সকলো ক্ষেত্ৰৰে এগৰাকী আগৰণুৱা ব্যক্তি আছিল।
তেজপুৰৰ প্ৰায় সকলো অনুষ্ঠানৰ লগতে জড়িত হৈ থকা বৰুৱা কিছুদিন পূৰ্বে কোভিডত আক্ৰান্ত হৈছিল। পৰৱৰ্তী সময়ত কোভিডৰ পৰা মুক্তি লাভ কৰিছিল যদিও অসুস্থ হৈ আছিল শিক্ষাবিদগৰাকী। নিজ মহাবিদ্যালয়ৰ উপৰিও জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে বিচাৰিলেই কাষত পোৱা বৰুৱা আছিল সাহিত্য সভাৰ লগতো জড়িত হৈ আছিল।
শোণিতপুৰৰ বৌদ্ধিক জগতখনৰ অন্যতম গুৰিধৰোতা হেমন্ত কুমাৰ বৰুৱা সংবাদ সেৱাৰ লগতো জড়িত হৈ আছিল। তেজপুৰৰ প্ৰায় সকলো অনুষ্ঠানৰ লগত জড়িত হৈ থকা এই বিশিষ্ট ব্যক্তিগৰাকীৰ মৃত্যুত সমগ্ৰ জিলাখনতে শোকৰ ছাঁ পৰিছে। বিভিন্ন দল-সংগঠন, অনুষ্ঠান, প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3pJLAHX
via IFTTT
Comments
Post a Comment