আৰিয়ান খানৰ সৈতে ছেলফি লোৱা কিৰন গোসাৱীক গ্ৰেপ্তাৰ : পুনৰ ন্যায়ালয়ত জামিনৰ বাবে আৰিয়ান…

ডিজিটেল ডেস্কঃ মুম্বাইৰ ক্ৰুজ ড্ৰাগছ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পিছত আৰিয়ান খানৰ সৈতে ছেলফি লোৱা কিৰণ গোসাৱীক পুনেৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। ড্ৰাগছৰ গোচৰত সাক্ষী হোৱাৰ পিছৰে পৰা গোসাভি পলাতক আছিল। তেওঁৰ দেহৰক্ষী প্ৰভাকৰ চেলে গোসাভিৰ বিৰুদ্ধে কোটি কোটি টকাৰ লেনদেন কৰাৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে। গোসাভিও শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ সৈতে এখন চেলফিলৈ চৰ্চালৈ আহিছিল।
আনহাতে বুধবাৰেও জামিন লাভ নকৰা আৰিয়ানৰ জামিনৰ বাবে বৃহস্পতিবাৰেও বোম্বাই উচ্চ ন্যায়ালয়ত শুনানি চলিব। দিনৰ ২-৩০ বজাৰ পৰা আৰিয়ানৰ লগতে মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত বন্দী হৈ থকা আৰবাজ মাৰ্চেণ্ট আৰু মুন মুন ধামীৰ গোচৰৰ শুনানি গ্ৰহণ কৰিব। বিগত ৮ অক্টোবৰৰ পৰা আৰিয়ানসহ ড্ৰাগছ পাৰ্টিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা আটাইকেইগৰাকী কাৰাগাৰত বন্দী হৈ আছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3CndYDh
via IFTTT
Comments
Post a Comment