মীন মহলৰ ৰাজহ সংগ্ৰহত এম এ চিৰ বাধা…

ডিজিটেল সংবাদ ঢকুৱাখনা: অসম মীন উন্নয়ন নিগমৰ অধীনৰ লখিমপুৰ জিলাত ঢকুৱাখনা মহকুমাৰ সোৱণশিৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বলাহী চামপৰা গ্ৰুপ মীন মহলখনৰ বন্দোবস্তিকলৈ অযথা বিতৰ্কৰ সূত্ৰপাত ঘটাই চৰকাৰী ৰাজহ সংগ্ৰহত প্ৰতিবন্ধকতা সৃষ্টি কৰাৰ অভিযোগ উত্থাপিত হৈছে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ বিৰুদ্ধে। প্ৰাপ্ত অভিযোগ অনুসৰি অসম মীন উন্নয়ন নিগমৰ পৰিচালনা সঞ্চালক অনুৰাধা অধিকাৰীয়ে বিভাগীয় নীতি নিৰ্দেশনা অনুসৰি বলাহী চামপৰা গ্ৰুপ মীন মহলখন দুটা ভাগত বিভক্ত কৰি এটা ভাগ মেচাৰ্ছ বলাহী চামপৰা ফিছাৰী সমবায় সমিতি লিমিটেডক বন্দোবস্তি প্ৰদান কৰিছিল ।
অনুষ্ঠানিকভাবে বন্দোবস্তি প্ৰাপ্ত ফিছাৰী সমবায় সমিতিখনে মীন নিগমৰ সকলো নীতি নিৰ্দেশনা মানি নিৰ্ধাৰিত ৰাজহ পৰিশোধ কৰি নিগমৰ লগত চুক্তিবদ্ধ হৈ মীন মহলখন পৰিচালনা কৰি আহিছে। কিন্তু চৰকাৰী নীতি নিয়ম উলংঘা কৰি এই একেখন মীন মহলৰ এটা বৃহৎ অংশক “চেপ্তি বিল” নামাকৰণ কৰি মিচিং স্বায়ত্ব শাসিত পৰিষদে উমেশ দলেক বন্দোবস্তি দিয়া পৰিলক্ষিত হৈছে। চৰকাৰী অধিসূচনাৰ জৰিয়তে নিগমক হস্তান্তৰ কৰা এই মীন মহলখনৰ ওপৰত অহেতুক হস্তক্ষেপ কৰি ,পৰিষদৰ এলেকাধীন নোহোৱা স্বত্তেও বন্দোবস্তি প্ৰদান কৰি এক উশৃংখল পৰিবেশৰ সৃষ্টি কৰাৰ অভিযোগ উঠিছে পৰিষদৰ বিৰুদ্ধে।
এম এ চিৰ এনে অবৈধ হস্তক্ষেপৰ বাবে একেখন মীন মহল দুগৰাকী ব্যক্তিক বন্দোবস্তি প্ৰদান কৰাত উদ্ভৱ হোৱা জটিল সমস্যাৰ বাবে বিধিগত ভাবে বন্দোবস্তি লাভ কৰা মেচাৰ্ছ বলাহী চামপৰা ফিছাৰী সমবায় সমিতিৰ চৰকাৰী ৰাজহ সংগ্ৰহত বাধা আহি পৰিছে। সমবায় সমিতিখনৰ পৰিচালন সঞ্চালক মনোৰঞ্জন দলেয়ে সংবাদ মাধ্যমক দাখিল কৰা অভিযোগ মতে বহুবাৰ মীন উন্নয়ন নিগম , লখিমপুৰ জিলাৰ উপায়ুক্ত, ঢকুৱাখনাৰ মহকুমাধিপতি, সোৱণশিৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সকলোকে আবেদন নিবেদন জনায়ো কোনো সুফল লাভ নকৰিলে। এখন চৰকাৰী মীন মহলত বলপূৰ্বক ভাবে বিভাগীয় অনুমতি নোলোৱাকৈ এখন স্বায়ত্ব শাসিত পৰিষদে বন্দোবস্তি দি ৰাজহ সংগ্ৰহত অযথা প্ৰতিবন্ধকতা সৃষ্টি কৰা আৰু স্থানীয় প্ৰশাসনৰ এইক্ষেত্ৰত দায়িত্বহীনতায়ো অতিষ্ঠ কৰিছে নীতিগত ভাবে বন্দোবস্তি প্ৰাপ্ত সমবায় সমিতিখনক।
ইতিমধ্যে মীন নিগমে দ্বিতীয় কিস্তিৰ ধনৰাশি বিচাৰি সমবায় সমিতিখনলৈ বাৰ্তা প্ৰেৰণ কৰি আহিছে যদিও এবাৰো মাছ ধৰি ৰাজহ উপাৰ্জন কৰিব পৰা নাই সমিতিখনে।সমবায় সমিতিৰ পৰিচালন সঞ্চালক মনোৰঞ্জন দলেয়ে জনোৱা মতে এই বিশৃঙ্খলতা দূৰ কৰি সুস্থিৰ পৰিবেশ সৃষ্টি কৰি অবৈধ বন্দোবস্তি প্ৰাপ্ত ব্যক্তি আৰু অন্যান্য সকলক মীন মহল খনৰ আওতাৰ পৰা আঁতৰাই আনিবলৈ বাৰম্বাৰ আবেদন জনায়ো একো ফল পোৱা নাই মহকুমা প্ৰশাসন, সোৱণশিৰী ৰাজহ বিভাগ আৰু ঘিলামৰা আৰক্ষী প্ৰশাসনৰ পৰা। এনেবোৰ পক্ষৰ এনে বেপৰোৱা নীতিৰ বাবে মীন মহলত মাছ মাৰিলেই অপ পক্ষই আহি সৃষ্টি কৰে অবাঞ্চিত পৰিবেশৰ। সূত্ৰপাত ঘটাই আইন শৃংখলাজনিত পৰিস্থিতিৰ ।
এটা চৰকাৰী বন্দোবস্তি প্ৰাপ্ত সংস্থাৰ বাণিজ্য ক্ষেত্ৰত অবৈধ দখল কৰি দীৰ্ঘদিন ধৰি অব্যাহত ৰখা এনে নীতি বৰ্হিভূত হস্তক্ষেপ দেখি শুনি জানিও ৰহস্যজনক কাৰণত নিৰ্বাক অসামৰিক আৰু আৰক্ষী প্ৰশাসন।এনেবোৰ অকমন্য প্ৰশাসনীয় বিষয়াৰ গাফিলতিৰ পৰিণতিত বৃহৎ পৰিমাণৰ চৰকাৰী ৰাজহ লাভৰ পৰা বঞ্চিত হব লগা হৈছে ৰাজ্য চৰকাৰ । তৎকালে এনেবোৰ অকমন্য বিষয়াৰ মৰটোপনি নাভাগিলে চৰকাৰী বন্দোবস্তি প্ৰাপ্ত মীন মহলখনত সমবায় সমিতিয়ে মাছ ধৰা আৰম্ভ কৰিলে অকল্পনীয় আইন শৃংখলাজনিত পৰিস্থিতিৰ সূত্ৰপাত ঘটাৰো আশংকা প্ৰকাশ কৰিছে সমীপৱৰ্তী গ্ৰামাঞ্চলিয় ৰাইজ আৰু বিভিন্ন সংগঠনে ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3blmjLB
via IFTTT
Comments
Post a Comment