বিশ্বকাপত এতিয়াও ফেভাৰিট ভাৰতঃ অষ্ট্ৰেলিয়াৰ সৈতে ফাইনেল খেলিব ভাৰতে…

ডিজিটেল ডেস্কঃ আই চি চি বিশ্বকাপ টি-২০ প্ৰতিযোগিতাত বৃহস্পতিবাৰে অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকা মুখামুখী হ’ব। দুয়োদলৰ মাজত অনুষ্ঠিত হ’বলগীয়া এই মেচখন ডুবাইত সন্ধিয়া ৭-৩০ বজাৰ পৰা আৰম্ভ হ’ব। অষ্ট্ৰেলিয়াই এতিয়ালৈকে মাত্ৰ ১খন মেচ খেলাৰ পিৰৱৰ্তে শ্ৰীলংকাই কোৱালিফায়াৰত মুঠ চাৰিখন মেচ খেলিছিল আৰু আটাইকেইখনতে বিজয় সাব্যস্ত কৰিছিল। শ্ৰীলংকা দলটো যুৱ ক্ৰিকেটাৰৰ সৈতে গঠন কৰা হৈছে।

ইফালে বিশ্বকাপৰ প্ৰথমখন খেলতে পাকিস্তানৰ হাতত ১০ উইকেটত পৰাস্ত হোৱা ভাৰতক পুনৰ এইবাৰৰ বিশ্বকাপৰ ফেভাৰিট আখ্যা ব্ৰেট লীৰ। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন পেছ বলাৰগৰাকীয়ে কয় যে, বাৰত এতিয়াও ট্ৰপী জয়ৰ দৌৰত ফেভাৰিট। অষ্ট্ৰেলিয়াৰ সৈতে ভাৰতে বিশ্বকাপখনৰ ফাইনেলত অৱতীৰ্ণ হ’ব বুলিও মন্তব্য কৰিছে ব্ৰেট লীয়ে। আগন্তুক মেচত ভাৰতে মূল একাদশত তিনিগৰাকী স্পীনাৰ অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰি কয়, অচিৰেয়ই কে এল ৰাহুল আৰু ৰোহিত শৰ্মা নিজৰ ছন্দলৈ ঘূৰি আহিব।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3jJaHXy
via IFTTT

Comments