কেনে আছে জুবিন গাৰ্গঃ শেহতীয়া খবৰ…

চিন্তাৰ কোনো কাৰণ নাই। ঠিকেই আছে সকলো। উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হোৱাত বৃহস্পতিবাৰৰ নিশা মহানগীৰৰ আয়ুৰচন্দ্ৰা হাস্পাতালত ভৰ্তি কৰোৱা হৈছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক। চিকিৎসকে যাৱতীয় পৰীক্ষা আৰু চিকিৎসা প্ৰদান কৰাত সুস্থ হৈ উঠে জুবিন।

আয়ুৰচন্দ্ৰা হাস্পতালৰ কৰ্তৃপক্ষই চিকিৎসকৰ এটা দল গঠন কৰি তেওঁৰ স্বাস্থ্যৰ ওপৰত ২৪ ঘণ্টাই নজৰ ৰাখিছে। ই চি জিকে ধৰি আন যাৱতীয় পৰীক্ষাসমূহ ইতিমধ্যে সম্পন্ন কৰা হৈছে। উল্লেখযোগ্য যে যোৱা কিছুদিন ধৰি উচ্চ ৰক্তচাপজনিত ৰোগত ভোগি আছে জুবিন গাৰ্গ।

আয়ুৰচন্দ্ৰা কৰ্তৃপক্ষই অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণক জানিবলৈ দিয়া মতে বৰ্তমান সুস্থ হৈ আছে জুবিন গাৰ্গ। ইফালে জুবিনৰ অসুস্থতাৰ খবৰ পোৱাৰ পাছত তেওঁৰ যথেষ্ট অনুৰাগীয়ে ভিৰ কৰিছেগৈ হাস্পাতালত।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3jLYJfL
via IFTTT

Comments