নগাঁৱত আনন্দ মিশ্ৰই চলোৱা ড্ৰাগছ বিৰোধী অভিযানত আটক কৰা প্ৰথমজন ড্ৰাগছ বেপাৰীলৈ গুলী আৰক্ষীৰ…

ডিজিটেল সংবাদ বটদ্ৰৱাঃ পুনৰ এনকাউণ্টাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ বাহিনীৰ। আৰক্ষীৰ গুলীত ধাৰসায়ী বটদ্ৰৱাৰ কুখ্যাত ড্ৰাগছ মাফিয়া চিৰাজুল ইছলাম।ড্ৰাগছ মাফিয়া চিৰাজুল ইছলামক নগাঁও আৰক্ষীয়ে বুধবাৰৰ নিশাৰ ভাগত গুলীচালনা কৰে আৰক্ষীয়ে। নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে গুলীয়াই চিৰাজুলক। বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত কদমনিত থকা চিৰাজুলৰ বাসগৃহতে আৰক্ষীয়ে গুলীচালনা কৰাৰ ঘটণা সংঘটিত হয়।
আৰক্ষীয়ে চিৰাজুলৰ ঘৰৰ পৰা এটা পিষ্টল আৰু ড্ৰাগছৰ বাকচো উদ্ধাৰ কৰে। চিৰাজুলৰ নেতৃত্বত বৃহত্তৰ বটদ্ৰৱা অঞ্চলৰ কেবা স্থানতো গঢ়ি উঠিছিল ড্ৰাগছৰ বিশাল সাম্ৰাজ্য। উল্লেখ্য যে, নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰাৰ ২৪ ঘণ্টা নহওতেই যোৱা ১৯ মে’ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এই চিৰাজুল ইছলামক আটক কৰিছিল। ভৰিত আঘাট প্ৰাপ্ত চিৰাজুলক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3BsU5cI
via IFTTT
Comments
Post a Comment