আকৰ্ষণীয় পৰ্যটনস্থলীঃ বৰ্ষাৰণ্য পবা অভয়াৰণ্যৰ মৰ্যাদা পাবনে…

অসমৰ উত্তৰ পূব কোন তথ্য হিমালয়ৰ পাদদেশত অবস্থিত পবা সংৰক্ষিত বনাঞ্চল এখন সমৃদ্ধিশালী বৰ্ষাৰণ্য। নৈসর্গিক সৌন্দৰ্যৰে ভৰা বৰ্ষাৰণা পবা ধেমাজি জিলাৰ জোনাই মহকুমাৰ অসম-অৰুণাচল সীমান্তৰ চিয়াং নদীৰ পাৰত অৱস্থিত। এই পবাক লৈ জোনাইৰ পৰা পৰ্যটন বিশেষত ৰয়েল পেগুৰ বিশেষ প্ৰতিবেদন

অসমৰ উত্তৰ পূব কোন তথ্য হিমালয়ৰ পাদদেশত অবস্থিত পবা সংৰক্ষিত বনাঞ্চল এখন সমৃদ্ধিশালী বৰ্ষাৰণ্য। নৈসর্গিক সৌন্দৰ্যৰে ভৰা বৰ্ষাৰণা পবা ধেমাজি জিলাৰ জোনাই মহকুমাৰ অসম-অৰুণাচল সীমান্তৰ চিয়াং নদীৰ পাৰত অৱস্থিত। ব্রিটিছৰ দিনতে ১৯২৪ চনত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা বৰ্ষাৰণা পৰা সংৰক্ষিত বনাখন মুঠ ১০,২২১ হেক্টৰ বনভূমি আগুনি আছে। বর্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলখন ধেমাজি জিলাৰ বাচি থকা একমাত্র বনভূমি।

জোনাই সদৰৰ পৰা পূব দিশে অসম-অৰুণাচল প্রদেশৰ সীমান্ত তথা চিয়াং-লালী (ব্রহ্মপুত্র) নদীৰ পাৰত অৱস্থিত জীব-বৈচিত্ৰ্যৰ উৎস পবা সংৰক্ষিত বনাঞ্চল বিভিন্ন মূল্যবান গছ-গছনি, ঔষধি গছ-লতা, বিভিন্ন প্রজাতিৰ অৰ্কিড, দুষ্প্রাপ্য জীৱ জন্তু- চৰাই-চিৰিকটি, সৰীসৃপ, স্তন্যপায়ী প্রাণী আৰু উভচৰ প্ৰাণীৰ আদৰ্শ বাসভূমি। পবা বনাঞ্চলখন সাগৰ পৃষ্ঠৰ পৰা ১২০ মিটাৰ উচ্চতাত অবস্থিত। বনাঞ্চলখনৰ ভৌগোলিক অৱস্থান উত্তৰ-পূব ভাৰতৰ ২৭৩০ (২৭ ডিগ্রী ৩০ ছেকেণ্ড) ৰ পৰা ২৭” ৪৮ উত্তৰ অক্ষাংশ আৰু ৯৫’ ০০ৰ পৰা ৯৫°৩০ পূব দ্ৰাঘিমাংশ। পবা বনাঞ্চলৰ জলবায়ু মৌচুমী ক্রান্তীয় জলবায়ু। গ্রীষ্ম কালত ৩৪° চেন্টিগ্রেড উষ্ণতা, শীতকালত ১০/১১ চেন্টিগ্ৰেডলৈ তাপমান পোৱা যায়। বার্ষিক গড় বৃষ্টিপাতৰ পৰিমান ৩,৭০০ মিলিমিটাৰ।

পবা বনাঞ্চলখন সুৰক্ষাৰ বাবে জোনাই বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত লেকু আৰু তিনিমাইলত দুটা বীত অফিছ আছে। লেকু বীত অফিছখন ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আৰু তিনিমাহল বীত অফিছখন চিয়াং নদীৰ পাৰত অবস্থিত। মুখ্যমন্ত্রী সর্বানন্দ সোনোৱালে যোৱা চৌধা জুলাই, ২০২০ত বান পৰিস্থিতি বুজ ল’বলৈ জোনাই লৈ বর্ষাৰণ্য তথা পবা সংৰক্ষিত বনাঞ্চলত বন্যপ্রাণী অভয়াৰণ্য হিচাপে স্বীকৃতি প্রদান কৰি সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা আনুষ্ঠানিকভাবে ঘোষণা কৰে।

মুখ্যমন্ত্রীৰ এই ঘোষণাক ছেভ পবা ৰেইন ফৰেষ্ট লগতে বিভিন্ন সংগঠন আৰু ৰাইজে আদৰণি জনাইছে। বৰ্ষাৰণ্য পৰা অভয়াৰণাৰ মর্যাদা পাব— এই খবৰে স্বাভাবিকতে বর্ষাৰণ্য পৰা সুৰক্ষা আৰু অভয়াৰণ্য ঘোষণাৰ দাবীত দীর্ঘবছৰে নীৰৱে চলি অহা আন্দোলনৰ লগত জড়িত প্রকৃতিপ্রেমীসকলৰ লগতে জোনাই-ধেমাজিবাসীক আনন্দিত কৰি তুলিছে। মুখ্যমন্ত্রী সর্বানন্দ সোনোৱালৰ ঘোষণাৰ পিচত বৰ্ষাৰণ্য পৰাই ৰাষ্ট্ৰীয় মর্যাদা লাভ কৰিব বুলি আমি আশাবাদী।

পবা এখন সাধাৰণ অৰণ্য নহয়, ই এখন সমৃদ্ধিশালী বৰ্ষাৰণ্য। বর্ষাৰণ্য পবাত বাৰ মাহেই সেমেকা পৰিৱেশে বিৰাজ কৰি থাকে। বর্ষাৰণ্য পবাত ডাঙৰ ডাঙৰ বৃক্ষ, জোপোহা বৃদ্ধ, গুল্ম, ঢেঁকীয়াজাতীয় উদ্ভিদ, বিভিন্ন প্রজাতিৰ কচু, বেত, বনৰীয়া কলগছ, ঘাঁহজাতীয় উদ্ভিদ আদি লগতে বিভিন্ন বৃক্ষৰ সমাহাৰত এক জটিল তৰপ দেখিবলৈ পোৱা যায়। বর্ষাৰণ্যৰ শীর্যস্থলৰ পৰা ভূমিসংলগ্ন ভবলৈ বিভিন্ন প্রজাতিৰ আপুৰুগীয়া প্ৰাণীৰ উত্তম বাসস্থান হিচাপে পৰিগণিত। বৰ্ষাৰণ্যৰ প্ৰতিটো জীৱই ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীল আৰু পৰিস্থিতিতদুটোর ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত ইয়াৰ প্ৰতিটো সদসাৰে গুৰুত্ব অপৰিসীম । বর্ষাৰণ্য জীৱ-বৈচিত্ৰ্যাৰ ভাণ্ডাৰ। সেয়ে বর্ষাবণা পবাৰ সংৰক্ষণৰ গুৰুত্ব অপৰিসীম।

বর্ষাৰণ্য পবা বনাঞ্চলত প্রাকৃতিক গঠন অনুসৰি ডাঠ অৰণ্য, মিশ্রিত ঘাঁহনি আৰু জলাশয় এলেকাত ভাগ কৰিব পাৰে। ইয়াৰে ৬৫ ভাগ ডাঠ অৰণ্য, ২০ ভাগ ঘাঁহনি আৰু ১৫ ভাগ জলাশয় এলেকা। পবাৰ জলাশয় বা আর্ন্তভূমিবোৰত মাছ -কাছ, জলজ চৰাইৰ উপৰি সৰীসৃপ, উভচৰ, পোল-পতংগ, শামুক, কেঁকোৰা ইত্যাদি অসংখ্য জীৱৰ এক বৈচিত্ৰ্যাময়ী জগত পৰিচালিত হৈ আছে। ধৰিত্ৰীৰ বুকুত জীৱ-বৈচিত্র্য সংৰক্ষণ কৰিবলৈ হ’লে প্রথমে সকলো জীৱৰ বাসস্থান সংৰক্ষণ কৰিব লাগিব। অৰণ্য যিদৰে বিভিন্ন প্রাণীৰ বাসস্থান, সেইদৰে আমাৰ আৰ্দ্ৰভুমিবোৰো অসংখ্য প্ৰাণীৰ বাসস্থান। এখন আর্ন্তভূমিয়ে পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য বজাই ৰখাৰ উপৰিও আদ্ৰভূমিৰ দাঁতিকাষৰীয়া জনবসতি অঞ্চলৰ বাসিন্দাসকলক জীBন জীবিকাৰ সমল যোগায়।

উদ্ভিদকূল আৰু প্রাণী সম্প্রদায়ৰ অতিকৈ চহকা বর্ষাৰণা পবা। বর্ষাৰণ্য পবাত ডাঙৰ ডাঙৰ বৃক্ষ, জোপোহা বৃক্ষ জাতীয় উদ্ভিদ গুল্ম, ঢেকীয়া জাতীয় উদ্ভিদৰ লগতে কচু, বেত, কাৰীয়া গাছ, যাঁহজাতীয় উদ্ভিদ আদি দেখিবলৈ পোরা যায়। বিশেষকৈ পবা বনাঞ্চলত ভেহ, হোলোং, হাতীফলীয়া, অমৰা, আম, আমলখি, আহত, বট, পিছলা, শখ, শিমলু, মাৰি, শিলিখা, ভোমোৰা, পদ্মা, কাজানু , বগ, মেকাই মদাৰ, এজাৰ, চাম, চতিয়না, কাঠমালু, প্রেমলতা ঔষধি গছ-লতা আৰু বনৰীয়া শাক-পাচলি দেখিবলৈ পোৱা যায়।

ইকৰা, নল-খাগৰি, বিৰিণা, কঁহুৱা, তথা, খেৰ, বেত, দল, এৰালি, পুনি, পাটিদৈ, মেটেকা, ভেঁট, কলমৌ, হেলচী, পানী-শিঙৰি, কচু, ঢেঁকীয়া, বিহলঙনি আদি মহজাতীয় উদ্ভিদ জলাশয়বোৰত ভৰি আছে। তদুপৰি পবা বনাঞ্চলত বিভিন্ন ঔষধিগুণযুক্ত গছ-লতা পোৱা যায়। বৰ্ষাৰণ্য পবা বন্যহস্তীৰ আদর্শ আবাসস্থলী। তিনিচুকীয়া জিলাৰ ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় বন্যপ্রাণী উদ্যান আক একমাচলৰ ডি ইৰিং ৰাষ্ট্ৰীয় বন্যপ্রাণী উদ্যানৰ হাতী-বাঘ, বিভিন্ন প্রজাতিৰ পশু-পক্ষীয়ে নদীদ্বীপ কবু চাপৰি আদি বিভিন্ন চাপৰিত কৰিডৰ হিচাপে ব্যৱহাৰ কৰি পৰা বনাঞ্চল পৰিভ্রমণ কৰে। বিভিন্ন দুষ্প্রাপ্য জীব-জন্তুৰে সমৃদ্ধ বৰ্ষাৰণ্য পবা বনাঞ্চলত বনৰীয়া হাতী, লাজুকী বান্দৰ, মলবা বান্দৰ, অসমীয়া বান্দৰ, বনগাহৰি হৰিণা, সুগৰী পছ, কেৰ্কেটুৱা, নেউল, হেঁপা, বনৰেী, হেঁটেলা পথ শবপহ, শিয়াল, বিভিন্ন প্রজাতির কাছ ভেকুলী আদি পোৱা যায়। পবা সৰীসৃপ স্তন্যপায়ী প্রাণী আৰু উভচৰ প্ৰাণীৰ আদর্শ বাসভূমি।

অজগৰৰ লগতে বিভিন্ন প্রজাতিৰ মাপন আবাসস্থলী পবা বনাঞ্চল। বর্ষাৰণ্য পবা অৰণ্যভাগৰ লগতে আদ্ৰভূমি আৰু চিয়াং নদীত বিভিন্ন প্ৰজাতিৰ চৰাই দেখিবলৈ পোৱা যায়। তদুপৰি পার্শ্বৱর্তী চিয়াং আব্দ ব্ৰহ্মপুত্ৰৰ বুকুত শীত শ্রীপীয়ে বিচৰণ কৰে। বন কুকুৰা, ফেঁচা হলু, ধনেশ, ফুটুকা যৌ৪), কালী, শামুক ৬১), কাৰীয়া ৰাজহ পানী কাউদকলা, বনীয়া হাঁহ, মাছৰোকা, কণানুচৰি, সাধৰা মানুৰোকা, গো-বক, মজুবত, বাত, মণিদী, ডাউক, কানচৰাই, বাদুলি, শালিকা, কপৌ, চিলনী, দলপুত্তা, গাচিলনী, ভেলা, আজান, ঘিলাহাঁহ, পাতিহাঁহ, কুৰুৱা, শেন চৰাই, বালিখোঁৰা, ধৃতৰাজ, শবালি হাঁহ, দেওহাহ (অসমৰ ৰাজ্যিক চৰাই), হাছ, খণ্টিয়া হাঁহ, চাচৈকোৱা ইত্যাদি বিভিন্ন থলুৱা আৰু পৰিভ্ৰমী চৰাই-চিৰিকটি দেখিবলৈ পোৱা যায়। বিশেষকৈ শীতকালত দেশ-বিদেশৰ পৰা অহা পৰিভ্ৰমী বিভিন্ন চৰায়ে চিয়াং নদীৰ বুকত ভলকেলি কৰি শীতৰ পৰিবেশ মুখৰ কৰে। বৰ্ষাৰণ্য পবা বনাঞ্চলৰ জলাশয়বোৰৰ লগতে চিয়াং নদীত বিভিন্ন দুষ্প্ৰাপা কাচ পোৱা যায়।

বয়াৰণা পরা বনাঞ্চল বিভিন্ন প্রজাতিৰ অতিভেবে সমৃদ্ধ। অপূর্ব সৌন্দর্য আৰু আকাৰত বৈচিত্র্য অৰ্কিড জাতীয় উদ্ভিদ প্ৰজাতিৰ প্রতি বিশ্বজুৰি আছে সমান তথা দুর্ষণ। সৌন্দর্য আৰু বৈচিত্র্যৰ বাবে উদ্ভিদ জগতত অৰ্কিড অন্যান্য। অধিত্তক ঋতুৰ গছ বুলি কোৱা হয়। বর্ষাৰণা পরতে অসংখ্য অৰ্কিড দেখিবলৈ পোৱা যায়। বর্ষারণা পরাত মাটিত গজা অধিড়ো পোৱা যায়। ঋতুরাজ বসন্তৰ আগমনৰ লগে লগে অপূর্ব বা আৰু সৌন্দর্য অভিভৰে ভৰি পৰে বৰ্ষাৰণা পরা। বর্ষাৰণা পরা বনাদালত ভিন্ন ৰঙৰ বিভিন্ন পখিলা দেখিবলৈ পোৱা যায়। পবা বনাঞ্চল বিভিন্ন স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ পৰিৱেশ তান্ত্রিক বিষয়ৰ অধ্যয়নৰ আদর্শ ক্ষেত্র। জোনাই-বেমাজিৰ লগতে বিভিন্ন জিলাৰ শিক্ষানুষ্ঠান হুয়ে প্রতি বছৰে পৰাত পৰিবেশ ক্ষেত্র অধ্যয়ন কৰিব আহিছে।

নৈসর্গিক সৌন্দর্যৰে ভৰা পবা বনাঞ্চল চিয়াং-লালী নদীৰ বান খহনীয়াৰ পৰা বছৰ বছৰ ধৰি জোনাই অঞ্চলক সুৰক্ষাৰ লগতে অঞ্চলটোৰ প্রাকৃতিক ভারসাম্য রক্ষা করতে অপরিসীম ভূমিকা পালন কৰি আহিছে। জোনাই অঞ্চলৰ আয়ুবোস্বৰূপ তথা সমৃদ্ধিশালী পরা বনাঞ্চলঙ্কন জোনাইবাসীৰ ৰক্ষাকবচ স্বৰূপ। কিন্তু এচাম অসাধু চোৰাং ত্ৰিকাৰী আৰু কাঠ ব্যৱসায়ীৰ ফলত বনাঞ্চলৰ বিভিন্ন দুষ্প্রাপ্য পহুপক্ষীৰ লগতে মূল্যবান গছ-গছনি কমি আহিছে। তদুপৰি ডিয়া-পালী নদীৰ খহনীয়া আৰু এচাম লোকৰ বেদখলন ফলটো পরা বনাথপর বনভূমি দ্রুত গতিত সংকুচিত হৈ জোনাই মহকুমাৰ একমাত্র বর্ষবিদা তথা জীব-বৈচিত্ৰ্যাৰ ভঁৰালস্বৰূপ পবা বনাঞ্চলখন উপযুক্ত সুৰক্ষা তথা ৰক্ষণাবেক্ষণ দিয়াৰ লগতে শীঘ্ৰে ৰাষ্ট্ৰীয় অভয়াবনা হিচাপে ঘোষণা কৰিবলৈ ধেমাজি-জোনাইবাসী ৰাইজৰ লগতে টি এম পি.কে. আছ, অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ, নেচার্চ বেকন, ছেভ পবা ৰেইন ফৰেষ্ট আদি বিভিন্ন সংগঠনে দীঘদিনৰ পৰা সংগ্রাম অব্যাহত ৰাখিছে। পরা বনাঞ্চলক বর্তমান অৱস্থাৰ পৰা ৰাষ্ট্ৰীয় অভয়াৰণ্যলৈ উন্নীত কৰি সুৰক্ষা ব্যৱস্থা গঢ়ি তুলিলেহে পথাৰ উদ্ভিদকুল আৰু প্রাণী সম্প্রদায় ভবিষ্যতলৈ সুৰক্ষিত হৈ থাকিব।

বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে ঘোষণা কৰিব পৰাকৈ বনাঞ্চলখন জীৱ-বৈচিত্র্যাৰে সমৃদ্ধিশালী হৈ আছে। ধেমাজি জিলা বন সংমণ্ডলৰ তৰফৰ পৰা পবা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্রীয় বন্যপ্রাণী অভয়াৰণ্য হিচাপে ঘোষণাৰ যাবে উন্নয়ন কর্তৃপক্ষ আৰু চৰকাবলৈ দুবাৰকৈ বিভাগীয় প্রস্তাব প্রেরণ কৰা হৈছে। ২০১৪ চনত ধেমাজি জিলা বন সংমণ্ডলে পবা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় বন্যপ্রাণী অভয়াৰণ্য হিচাপে স্বীকৃতি প্রদান কৰিবলৈ বিভাগীয়ভাবে চৰকাৰলৈ প্রথম প্রস্তাৱ প্ৰেৰণ কৰাৰ পিচত বিগত ২০১৭ চনত পুনৰ দ্বিতীয় বাবলৈ চৰকাৰলৈ বিভাগীয় প্রস্তাব প্ৰেৰণ কৰে।

বৰ্ষাৰণা পবা সংৰক্ষিত বনাঞ্চলক অভয়াৰণ্য হিচাপে ঘোষণা কৰিলে ইয়াৰ জীৱ-বৈচিত্র্য আৰু নৈসর্গিক সৌন্দর্যই ভবিষ্যতে পবা অসমৰ ভিতৰতে এক আকর্ষণীয় পর্যটনথলী ৰূপেও প্রতিষ্ঠা লাভ কৰাৰ পূর্ণ প্রতিশ্রুতি আছে। আকর্ষণীয় পর্যটনথলীৰূপে প্রতিষ্ঠা লাভ কৰিলে পৰা বনাঞ্চলখনে অঞ্চলটোত প্রাকৃতিক ভাৰসাম্য ৰক্ষাৰ লগতে অদূৰ ভবিষ্যতে ধেমাজি জিলাৰ আর্থ-সামাজিক দিশটোকে সলনি কৰি দিয়াৰো পূর্ণ আশা আছে। বর্ষাৰণ্য পবাই ধেমাজি জিলাৰ প্ৰথমখন অভয়াৰণ্যৰ মর্যাদা পাওক এইটোৱেই সকলোৰে কাম্য।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ZHLkhK
via IFTTT

Comments