প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন অগ্নি-৫ঃ সফলতাৰে সম্পন্ন হ’ল পৰীক্ষণ…

ডিজিটেল ডেস্কঃ দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰত আৰু এখোজ আগবাঢ়ি গ’ল ভাৰত। প্ৰতিৰক্ষা ক্ষেত্ৰত নতনুৈক সংযোজন ঘটিল আন এক ক্ষেপনাস্ত্ৰ। প্ৰতিৰক্ষা ক্ষেত্ৰখনৰ এই নৱতম সংযোজন হৈছে বেলিষ্টিক মিছাইল অগ্নি-৫।

বুধবাৰে ওড়িষ্যাত থকা ড০ এ পি জে আব্দুল কালাম আইলেণ্ডত পৰীক্ষা সম্পন্ন কৰা হয় বেলিষ্টিক মিছাইল অগ্নি-৫ ৰ পৰীক্ষা। সন্ধিয়া ৭-৫০ বজাত সফলতাৰে পৰীক্ষা সম্পন্ন হোৱাৰ পাছতে দেশৰ প্ৰতীৰক্ষা ক্ষেত্ৰখনৰ সৈতে নতুনকৈ সংযোজন হৈ পৰি অগ্নি-৫। এই ক্ষেপনাস্ত্ৰক ভূমিৰ পৰা ভূমিলৈ নিক্ষেক কৰিবলৈ সক্ষম হ’ব।

আনহাতে নতুনকৈ সংযোজন হোৱা অগ্নি-৫ যে ৫০০০ কিলোমিটাৰ দূৰত্ব পৰ্যন্ত শত্ৰু পক্ষক আঘাত হানিব পাৰে। দীৰ্ঘ দূৰত্বত আঘাত হানিব পৰা এই ক্ষেপনাস্ত্ৰই শত্ৰু পক্ষক চিন্তিত কৰি তুলিছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/31dIwcZ
via IFTTT

Comments