গোঁসাইগাঁওত শান্তিপূৰ্ণ ভাৱে ভোটদান প্ৰক্ৰিয়া অব্যাহত…

  • গোঁসাইগাঁওত ৰাতিপুৱাৰ পৰাই শান্তিপূৰ্ণ ভাৱে ভোটদান প্ৰক্ৰিয়া আৰম্ভ ।
  • ২৮ নং গোসাঁইগাঁও বিধানসভা সমষ্টিত ৰাতিপুৱাৰে পৰা ভোটদান শান্তিপূৰ্ণভাৱে আৰম্ভ হৈছে ।
  • ইতিমধ্যে ভোটদানকেন্দ্ৰ সমুহত ভোটাৰৰ ভিৰ পৰিলক্ষিত হৈছে ।
  • ২৮ নং গোসাঁইগাঁও বিধানসভা সমষ্টিৰ হাতীধুৰাস্থিত ১১৭ নং সাপমাৰী জে.বি. স্কুলৰ ভোটকেন্দ্ৰত(বাওফাল) এআইইউডিএফ দলৰ প্ৰাৰ্থী খাইৰুল আনাম খন্দকাৰে প্ৰথমটো ভোট দিয়া পৰিলক্ষিত হয়।
  • ভোটদান কৰি প্ৰাৰ্থীগৰাকীয়ে সমষ্টিটোত ইউপিপিএল , বিপিএফ আৰু এআইইউডিএফৰ মাজত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হব বুলি মন্তব্য কৰিছে ।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3BreTRO
via IFTTT

Comments