শিলচৰৰ অসম বিশ্ববিদ্যালয়ত উজ্বলিল নলবাৰীৰ ছাত্ৰী…

ডিজিটেল সংবাদ, নলবাৰীঃ শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাৰ মাইক্ৰ’ বায়’ল’জি বিষয়ৰ শনিবাৰে ঘোষিত ফলাফলত নলবাৰী বৰকুৰাৰ এগৰাকী ছাত্ৰীয়ে প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি গৌৰৱ কঢ়িয়াইছে। নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা আৰু অনিতা দেৱীৰ কন্যা পৰিস্মিতা শৰ্মাই ৮.৮৫ পইন্ট লাভ কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। মেধাৱী ছাত্ৰীগৰাকীয়ে তেওঁৰ এই ফলাফলৰ বাবে ভগৱান, শিক্ষাগুৰু, পিতৃ-মাতৃ আৰু পৰিয়ালৰ সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰে।
লগতে ভৱিষ্যতে সমাজৰ হকে, দেশৰ হকে কাম কৰাৰ ইচ্ছাৰ কথা ব্যক্ত কৰে। কৃতী শিক্ষাৰ্থী পৰিস্মিতাৰ এই কৃতিত্বৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, সদৌ নলবাৰী জিলা ছাত্র সন্থা, নলবাৰী আঞ্চলিক ছাত্র সন্থা, জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ নলবাৰী জিলা সমিতি আদিয়ে ছাত্ৰী গৰাকীলৈ শুভেচ্ছা জনাইছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3muyoVf
via IFTTT
Comments
Post a Comment