বন্যহস্তীৰ তাণ্ডৱঃ ভাঙি লণ্ডভণ্ড কৰিলে পকীঘৰ…

ডিজিটেল সংবাদ কলিয়াবৰ: কলিয়াবৰত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস। খাদ্যৰ সন্ধানত নিশা হ’লেই উপদ্ৰৱ চলাই আহিছে বন্যহস্তীয়ে। দীৰ্ঘ দিনৰে পৰা কলিয়াবৰৰ এই বন্যহস্তীৰ দলটোৱে ভিন্ন স্থানত চলাই আহিছে উপদ্ৰৱ।খাদ্যৰ সন্ধানত কামাখ্যা পাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ জাকে  ঘৰ-দুৱাৰ ভাঙি লণ্ড-ভণ্ড কৰি বহু লোকৰ ঘৰকে ধৰি বিভিন্ন সম্পত্তি অনিষ্ট কৰিছে বন্যহস্তীয়ে। 

বুধবাৰে পুৱতি নিশা কলিয়াবৰৰ কামাখ্যা গাঁৱত প্ৰৱেশ কৰে ২০ টা হাতীৰ এটা দলে। এই হাতীৰ দলটোৱে প্ৰশান্ত পাঠক নামৰ লোকজনৰ কৃষিপামৰ পকী ঘৰ ভঙাৰ লগতে অনিষ্ট কৰে কৃষিকাৰ্যত ব্যৱহৃত বহু সামগ্ৰী। কৃষিপামখনৰ ১০ লক্ষাধিক টকাৰ সা-সম্পতি নষ্ট কৰে বন্যহস্তীৰ জাকটোৱে। হাতীৰ আক্ৰমণৰ পৰা কথমপিহে প্ৰাণৰক্ষা পৰিছে কৃষিপামত থকা পাঁচ জনীয়া শ্ৰমিক পৰিয়ালটোৰ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3bfsh0E
via IFTTT

Comments