মাধৱ সংস্কৃতি ন্যাসৰ উদ্যোগত বটদ্ৰৱাত বিনামূলীয়া নাট কৰ্মশালাৰ আয়োজন…

ডিজিটেল সংবাদ বটদ্ৰৱাঃ মাধৱ সংস্কৃতি ন্যাসৰ উদ্যোগত ৰামধেনু সমন্বয় গোষ্ঠীৰ সহযোগত বটদ্ৰৱাত অহা ১ নবেম্বৰৰ পৰা ৭ দিনীয়া কাৰ্যসূচীৰে নাট কৰ্মশালা অনুষ্ঠিত হ’ব। বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ বটদ্ৰৱা সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত হ”বলগিয়া এই নাট কৰ্মশালাত দয়াল কৃষ্ণ নাথ, প্ৰাঞ্জল কুমাৰ শইকীয়া, ৰাজীৱ বৰঠাকুৰ, ডা০ জয়শ্ৰী পাঠক, ৰাজকুমাৰ ঠাকুৰ, ডা০ আলেখ্য বৰুৱা, ড০ শুকদেৱে অধিকাৰী, আশা বৰদলৈকে প্ৰমুখ্য কৰি কেইবাগৰাকী নাটক চলচ্চিত্ৰ জগতৰ কলাকুশলীয়ে প্ৰশিক্ষণ প্ৰদান কৰিব। বিনামূলীয়াকৈ অনুষ্ঠিত হ’বলগিয়া এই নাট কৰ্মশালাত অংশ গ্ৰহণ কৰিবলৈ ৯৮৬৪৪৯৪৭৬৬ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে উদ্বোক্তা সমিতিয়ে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3pB6n03
via IFTTT
Comments
Post a Comment