বকোৰ সোনতলীত পথ দুৰ্ঘটনা, আহত ৩জন…

ডিজিটেল সংবাদ, বকোঃ কামৰূপ জিলাৰ বকোৰ বিভিন্ন এলেকাত প্ৰতিদিনে সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা।শুক্ৰবাৰে ও বকোৰ সোণতলীত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়।তীব্ৰবেগী বাইক আৰু ই-ৰিস্কাৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত হয় এই দুৰ্ঘটনা।প্ৰাপ্ত তথ্য মতে এই পথ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত তিনি জন লোক।

আহত তিনিজন ক্ৰমে-ৰাজ আলী,ৰফিকুল,ৰাকিবুল বুলি জানিব পৰা গৈছে।উল্লেখ্য যে আহত তিনিওজনকে ততাতৈয়াকৈ সোনতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হৈছিল যদিও ৰাকিবুল নামৰ এজন লোকৰ অৱস্থা সংকটজনক অৱস্থাত ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰা হৈছে।উল্লেখ্য যে আহত আন দুজন লোকক এতিয়া সোনতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতে তেওঁলোকৰ প্ৰয়োজনীয় চিকিৎসা কৰা হব বুলি জনায়।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3bnVMxu
via IFTTT

Comments