পুৱাৰ খবৰ…

১. অসমত পুনৰ ২৪৪জন কোৰোনাত আক্ৰান্ত। ইয়াৰে ৭৫জন কামৰূপ মেট্ৰ’ৰ, ১৯জন শিৱসাগৰৰ, ১৮জন বৰপেটাৰ আৰু ১৮জন কামৰূপ গ্ৰাম্যৰ। এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬০৯৫০৬জনলৈ বৃদ্ধি । ইফালে, বুধবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় ৩৯১জন লোক। আনহাতে, উক্ত দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ৬জনৰ মৃত্যু। এতিয়াও অসমত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৪৯১জন ৰোগী।
২. বেলতলাৰ ছাৰ্ভেৰ চন্দন নগৰত মঙলবাৰে সংঘটিত হোৱা হত্যাকাণ্ডৰ তদন্ত জোৰদাৰ গতিত আগবাঢ়িছে। পৰিয়ালৰ সূত্ৰে জানিবলৈ দিয়া মতে বৃহস্পতিবাৰে পুৱা ১০.৩০ বজাত জিএনআৰচিৰ মৰ্গৰ পৰা মৃত বৰুৱা দম্পতীৰ নশ্বৰদেহ বেলতলাৰ বাসগৃহলৈ নিয়া হ’ব। তাতেই প্ৰায় দুঘন্টা সময় ৰখাই আত্মীয়-কুতুমৰ শেষ দৰ্শন কৰাৰ অন্তত নৱগ্ৰহ শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ সিদ্ধান্ত লৈছে পৰিয়ালে।
৩. বকোৰ বোন্দাপাৰাত শোকাৱহ পথ দুৰ্ঘটনা। অচিনাক্ত চাৰিচকীয়া বাহনৰ খুণ্ডাত মৃত্যু হয় দুজন লোকৰ। তীব্ৰবেগী এখন চাৰিচকীয়া বাহনে মহতিয়াই থৈ গ’ল বাইক আৰোহী আৰু এজন লোকক। উল্লেখ্য যে, ইতিমধ্যে বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ননীগোপাল সৰকাৰ সহ এটি দলে ঘটনাস্থলীত উপস্থিত হৈছে যদিও মৃত্যু হোৱা লোক দুজনক চিনাক্ত কৰিব পৰা হোৱা নাই। এই পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হোৱা লোক দুজনৰ বাইকখনৰ ন AS 01 5168 বুলি জানিব পৰা গৈছে।
৪. নলবাৰী জিলাৰ দৌলাশাল আৰক্ষীয়ে মদৰ বিৰুদ্ধে তীব্ৰতৰ কৰি তুলিছে অভিযান। তৎপৰ হৈ পৰিছে দৌলাশাল আৰক্ষী । দৌলাশাল আৰক্ষী চকীৰ অন্তৰ্গত কাপলাবড়ী আৰু নাৰোৱাত বুধবাৰে সন্ধিয়া মদৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় দৌলাশাল আৰক্ষীয়ে। দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজশ্ৰী বুঢ়াগোহাঁইৰ নেতৃত্বত এটি আৰক্ষীৰ দলে গোপন খবৰৰ ভিত্তিত অভিযান চলাই কাপলাবড়ী আৰু নাৰোৱাৰ দুখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা অবৈধভাবে মজুত ৰখা ১৪৬ টা বিলাতী সুৰাৰ বটল জব্দ কৰিবলৈ সক্ষম হয়।
৫. নগাঁও জিলাৰ ৰাঙলুৰ এঘাৰ মাইলত বুধবাৰে সন্ধিয়া সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন দুজন লোক গুৰুতৰভাবে আহত হয় ।এখন ই-ৰিক্সাক অতিক্ৰম কৰিবলৈ গৈ নগাঁও দিশে আহি থকা এছ ০৯ বি ৯৪৯৫ নম্বৰৰ মহিন্দ্ৰা গাড়ী খনে পথৰ দাঁতিত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাত মহিন্দ্ৰা গাড়ীখনৰ এজন আৰোহী থিতাতে নিহত হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হয় ।
৬. লামডিঙত বুধবাৰে সন্ধিয়া সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড ৷ লামডিঙৰ ৰাষ্ট্ৰীয় ঘাপথৰ সমীপতে থকা BBI নামৰ ইটা ভাটাটোত হঠাতে সংযোগ হয় অগ্নি কাণ্ড। এই অগ্নিকাণ্ডই পৰৱৰ্তী সময়ত গোটেই অঞ্চলটোক এক ভয়াবহ পৰিস্থিতি সৃষ্টি কৰে ৷ অগ্নিকাণ্ডত ইটা ভাটাত নিয়োজিত প্ৰায় ৩৫জন শ্ৰমিকৰ ঘৰত অগ্নি সংযোগ হৈ সম্পূৰ্ণ ৰূপে ভস্মীভূত হয় ৷ সৌভাগ্য ক্ৰমে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত কোনো শ্ৰমিক ঘৰত উপস্থিত নাছিল ৷
৭. বেলতলা ছাৰ্ভেৰ চন্দন নগৰত সংঘটিত হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ অসম। ইতিমধ্যে আৰক্ষীয়ে অব্যাহত ৰাখিছে জোৰদাৰ তদন্ত। বুধবাৰে নিশা প্ৰায় ৮.২০ বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় মৃত ননীগোপাল বৰুৱা আৰু মীনা বৰুৱাৰ বাসগৃহত। এনে ঘটনা আমাৰ সমাজৰ বাবে অতি দুৰ্ভাগ্যজনক আৰু চিন্তনীয় বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।
৮. মুম্বাই ক্ৰুজৰ ড্ৰাগছৰ কাণ্ডৰ অভিযুক্ত আৰয়ান খানে বুধবাৰেও জামিন লাভ নকৰিলে। বুধবাৰে বোম্বাই উচ্চ ন্যায়ালয়ত গ্ৰহণ কৰা শুনানি সমাপ্ত নহ’ল। পুনৰ বৃহস্পতিবাৰে ন্যায়ালয়ত শুনানি হ’ব বুলি জানিব পৰা গৈছে। কাইলৈ এনচিবিৰ তৰফৰ পৰা এএছজিয়ে নিজৰ সকলো তথ্য সন্মুখত ৰাখিব। এএছজিয়ে কয় যে- বৃহস্পতিবাৰে ন্যায়ালয়ত মাত্ৰ এঘন্টাৰ ভিতৰতে তেওঁলোকৰ পক্ষৰ পৰা সকলো তৰ্ক সম্পূৰ্ণ হৈ যাব।
৯. উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ তিনিচুকীয়া সংমণ্ডলৰ অধীনৰ চফ্ৰাই ৰেল ষ্টেচনৰ সমীপত ৰেলৰ খুন্দাত এজন যুৱক নিহত হয়। নিহত যুৱকজনক খনা অঞ্চলৰ ফুচ্ছু ভূঞা (৩৫) বুলি চিনাক্ত কৰা হৈছে। বুধবাৰে যুৱকজনৰ মৃতদেহ ৰেলপথত পৰি থকা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰাত ৰেল আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মঙলবাৰে নিশা যুৱকজনে চফ্ৰাই চাৰিআলিৰ পৰা ৰেলপথেদি ঘৰলৈ উভতাৰ পথত ৰেলৰ খুন্দাত মৃত্যুক আকোঁৱালি লোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।
১০. টকিঅ’ অলিম্পিকত ভাৰতৰ বাবে গৌৰৱ কঢ়িয়াই অনা খেলুৱৈ-এথলিটসহ মুঠ ১১জন খেলুৱৈৰ নাম ধ্যানচন্দ খেল ৰত্ন বঁটাৰ বাবে মনোনীত কৰা হৈছে। যোৱা বছৰলৈকে এই বঁটাৰ নাম প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নামত আছিল যদিও, ২০২১ৰ পৰা চৰকাৰে ভাৰতৰ হকীৰ মহান খেলুৱৈ ধ্যানচন্দৰ নামত নামাকৰণ কৰে। এইবাৰৰ ধ্যানচন্দ খেল ৰত্ন বঁটাৰ মনোনীত খেলুৱৈসকলৰ নাম ক্ৰমে- নীৰজ চোপ্ৰা, অৱনী লখেড়া, মিতালী ৰাজ, ৰবি দহিয়া, লাভলীনা বৰগোঁহাই, সুনীল চেত্ৰী, পিআৰ শ্ৰীজেশ, প্ৰমোদ ভগত, কৃষ্ণা নাগৰ, মনীষ নৰৱাল আৰু সুমীত অতিল।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3biChX2
via IFTTT
Comments
Post a Comment