চৰাইদেউ জিলা বৌদ্ধ মহাসভাৰ উদ্যোগত ধৰ্মৰত্ন ড° শাসনবংশ মহাথেৰৰ ৯৬ সংখ্যক জন্মদিন উদযাপন…

ডিজিটেল সংবাদ, চৰাইদেউঃ বিশিষ্ট শিক্ষাবিদ বৌদ্ধ পণ্ডিত, আনন্দৰাম বৰুৱা বঁটা প্ৰাপক ধৰ্মৰত্ন ড° শাসনবংশ মহাথেৰৰ ৯৬ সংখ্যক জন্মদিনটো বুধবাৰে চৰাইদেউ জিলাৰ চলাপথাৰ বুদ্ধ বিহাৰত উদযাপন কৰা হয় ৷ প্ৰতিবছৰ দৰে এইবাৰো চৰাইদেউ জিলা বৌদ্ধ মহাসভাৰ উদ্যোগত আৰু চলাপথাৰ শ্যাম গাঁওবাসীৰ সহযোগত উত্তৰপূৰ্বাঞ্চলৰ বৌদ্ধ ধৰ্মগুৰু সকলৰ সৰ্বজেষ্ঠ্য, পালি ভাষা-সাহিত্যৰ শিৰোমণি ড° শাসনবংশ মহাথেৰৰ ৯৬ সংখ্যক জন্মদিনটো উপলক্ষে বিহাৰত পুৱা ১০ বজাৰ অনুষ্ঠিত অনুষ্ঠানটোৰ আৰম্ভণিতে মহাথেৰে কেক কাটি মূল অনুষ্ঠানটো আৰম্ভ কৰে ৷

আয়োজক সমিতিৰ সম্পাদক ধ্ৰুৱজ্যোতি শ্যামে আঁতধাৰা অনুষ্ঠানটো অসমৰ বিভিন্ন ঠাইৰ লগতে কাষৰীয়া অৰুণাচল প্ৰদেশৰ পৰা অহা বৌদ্ধ ভিক্ষু সকলে জ্যেষ্ঠ ভন্তে গৰাকীক ওপজাদিনৰ ওলগ জনাই সম্বৰ্ধনা পত্ৰ আৰু বিভিন্ন উপহাৰৰ টোপোলা আগবঢ়ায়। অনুষ্ঠানত চলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক চিকন শ্যামে ধৰ্মৰত্ন ড° শাসনবংশ মহাথেৰৰ জীৱন আৰু কৰ্মৰ ওপৰত বক্তব্য আগবঢ়ায়। মহাথেৰে ৯৬ সংখ্যক জন্মদিনৰ উপলক্ষে এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3CnyjIw
via IFTTT

Comments