ধেমাজি লায়ন্স ক্লাৱৰ উদ্যোগত বিনামূলীয়া চিকিৎসাৰ শিবিৰ অনুষ্ঠিত…

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি লায়ন্স ক্লাৱৰ উদ্যোগত শনিবাৰে দিনজোৰা কাৰ্য্যসূচীয়ে লায়ন্স ক্লাৱৰ কাৰ্য্যালয় শক্তি ভৱনত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয় ৷ সভাৰ আৰম্ভণিতে লায়ন্স ক্লাৱৰ উদ্যোগতা সকলে গামোচা , শৰাই আৰু লায়ন্স ক্লাৱৰ স্মাৰকৰে উপস্থিত অতিথি সকলক সম্ভাষণ জনায় ৷ ইয়াৰ পিছতেই পুৱা ১০ বজাত ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত নন্দিতা বৰুৱাই বন্তি প্ৰজ্বলনেৰে বিনামূলীয়া চিকিৎসা শিবিৰৰ শুভাৰম্ভণি কৰে ৷ এই উপলক্ষে ধেমাজি লায়ন্স ক্লাৱৰ সভানেত্ৰী পল্লবী তামুলী কোৱঁৰৰ সভানেত্ৰীত্বত অনুষ্ঠিত হোৱা শুভাৰম্ভণী সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ধেমাজি লায়ন্স ক্লাৱৰ প্ৰাক্তন সভাপতি লায়ন্স নৰেন কোঁৱৰে ৷
উদ্দেশ্য ব্যাখ্যাত কোঁৱৰে ২০০৪ চনতে ধেমাজি লায়ন্স ক্লাৱ গঠন হোৱাৰে পৰা আজি পৰ্যন্ত ধেমাজিবাসীৰ বাবে কৰি অহা কিছু উন্নয়নমূলক কামকাজৰ বিষয়ে উপস্থিত ৰাইজক অৱগত কৰে ৷ ধেমাজি লায়ন্স ক্লাৱৰ প্ৰাক্তন সভাপতি আটাউ ৰহমানে আঁতধৰা সভাখনত অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ৰ অৱসৰ প্ৰাপ্ত অস্হিৰোগ বিভাগৰ অধ্যাপক ডাঃ শান্তনুৰ লহকৰ ,ধেমাজি জিলা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক সুবোধ শৰ্মা আৰু ধেমাজি জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক গুনেন্দ্ৰ ডেকাই বক্তব্যত ধেমাজি লায়ন্স ক্লাৱৰ উদ্যোগতা সকলে ধেমাজি জিলা বাসীৰ চিকিৎসাৰ বাবে লোৱা এই বিনামূলীয়া কাৰ্য্যসূচীৰ শলাগ লয় ৷
সভাৰ শেষত ধেমাজি লায়ন্স ক্লাৱৰ প্ৰাক্তন সভাপতি অৱনী নাথে উপস্থিত অতিথি সকলক শলাগৰ শৰাই আগবঢ়ায়৷ শনিবাৰে অনুষ্ঠিত হোৱা এই বিনামূলীয়া চিকিৎসাৰ শিবিৰত চিকিৎসা সেৱা প্ৰদান কৰে ডিব্ৰুগড়ৰ চৰ্মৰোগ বিভাগৰ বিশেষজ্ঞ চিকিৎসক ডাঃ কুমুদ আগৰৱালা , মূত্ৰাশয়ৰোগ বিভাগৰ বিশেষজ্ঞ চিকিৎসক ডাঃ চাৰ্ফদাৰ হাৱাট হুচেইন , বহমূত্ৰৰোগ বিভাগৰ বিশেষজ্ঞ চিকিৎস ডাঃ হৰ্ষজ্যোতি চুতীয়া ,হৃদৰোগ বিভাগৰ বিশেষজ্ঞ চিকিৎসক ডাঃ দৰৰ্পণ গগৈ আৰু অস্হিৰোগ বিভাগৰ চিকিৎসক ডাঃ বিশ্বাল লুহিয়াই ৷ শনিবাৰে অনুষ্ঠিত হোৱা লায়ন্স ক্লাৱৰ বিনামূলীয়া চিকিৎসাৰ কাৰ্য্যসূচীত চৰ্মৰোগৰ ১১৪ গৰাকী , বহমূত্ৰৰোগৰ ৫৭ গৰাকী, হৃদৰোগৰ ৭৫ গৰাকী , মূত্ৰাশয়ৰোগৰ ৪১ গৰাকী আৰু অস্হিৰোগৰ ৫৩ গৰাকীৰ সৈতে মুঠ ৩৪০ গৰাকী ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰে ৷ কাৰ্য্যসূচীৰ অন্তত লায়ন্স ক্লাৱৰ উদ্যোতাসকলে চিকিৎসক সকলক লায়ন্স ক্লাৱৰ স্মাৰক আৰু প্ৰশস্তি পত্ৰৰে সন্মান জনায় ৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3EwW6Gs
via IFTTT
Comments
Post a Comment