উগ্ৰপন্থীৰ গুলী-বিস্ফোৰণত ঘূণীয়া হোৱা আৰক্ষীৰ পদোন্নতিৰ ব্যৱস্থা কৰা হ’বঃ ডিজিপি ভাস্কৰজ্যোতি মহন্ত…

ডিজিটেল ডেস্কঃ উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সভাকক্ষত শনিবাৰে উগ্ৰপন্থীৰ গুলী অথবা বিস্ফোৰণত আহত হোৱা ২৫ গৰাকী আৰক্ষীৰ লোক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ সৈতে আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলৰ এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত আৰক্ষীৰ সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তই কয়- ভুক্তভোগী এই সকল আৰক্ষীয়ে প্ৰয়োজনীয় প্ৰশিক্ষণত অৱতীৰ্ণ নোহোৱাকৈয়ে পদোন্নতি লাভ কৰিব আৰু পদোন্নতিৰ ক্ষেত্ৰত বাধ্যতামূলক এই পাঠ্যক্ৰম তেওঁলোকৰ ক্ষেত্ৰত ৰেহাই দিয়া হ’ব বুলি ঘোষণা কৰে।

উল্লেখ্য যে, কৰ্তব্যৰত অৱস্থাত বিগত দিনবোৰত উগ্ৰপন্থীৰ গুলী অথবা বিস্ফোৰণত ঘূণীয়া হোৱা যিসকল আৰক্ষীৰ লোকে শাৰীৰিক অক্ষমতাৰ হেতু প্ৰয়োজনীয় বিশেষ পাঠ্যক্ৰমত অংশ ল’ব নোৱাৰাৰ বাবে পদোন্নতি লাভ কৰা নাছিল, সেই সকল আৰক্ষীৰ পদোন্নতিৰ বাবে ব্যৱস্থা কৰা হ’ব বুলি ডিজিপি মহন্তই প্ৰকাশ কৰে।

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্রধান সচিব নীৰজ বাৰ্মাই আৰক্ষীৰ এই সকল লোকৰ কল্যাণৰ বাবে সম্ভৱপৰ ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলিপ্ৰকাশ কৰে। মত বিনিময় অনুষ্ঠানত উপস্থিত থাকি বিশেষ আৰক্ষীৰ সঞ্চালক প্রধান (আইন শৃংখলা) জিপি সিঙে আহত আৰক্ষীৰ লোকসকলে চিকিৎসাৰ বাবে সেই সময়তে নিজে ব্যয় কৰা ধনৰাশি তেওঁলোকক চৰকাৰীভাৱে পৰিশোধ কৰাকে আদি কৰি আন ভালেমান পৰামৰ্শ দাঙি ধৰে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3ExApGe
via IFTTT

Comments