ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত অসমৰ চমকপ্ৰদ প্ৰদৰ্শনেৰে ১০ টা স্বৰ্ণ…

ডিজিটেল ডেস্কঃ বেংগালুৰুত অনুষ্ঠিত হৈ থকা ছিনিয়ৰ ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত অসমে চমক সৃষ্টি কৰিবলৈ কৰিবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত অসমৰ খেলুৱৈয়ে অৰ্জন কৰিছে কেইবাটাও পদক। প্ৰতিযোগিতাখনত শিৱসাগৰৰ অস্থা চৌধুৰীয়ে অভিলেখ সৃষ্টিৰে স্বৰ্ণ পদক অৰ্জন কৰাৰ পাছত স্বৰ্ণ কন্যা শিৱাংগী শৰ্মাই প্ৰথমে ৪০০ মিটাৰ আৰু ইয়াৰ পিছত ১০০ মিটাৰ ফ্ৰীষ্টাইলত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও শিৱাংগীয়ে ৫০ মিটাৰ ফ্ৰীষ্টাইলত লাভ কৰিছে ব্ৰঞ্জৰ পদক।

আস্থা চৌধুৰীয়ে ১০০ মিটাৰ বাটাৰফ্লাইত অভিলেখ সৃষ্টি কৰি স্বৰ্ণ পদক অৰ্জন কৰাৰ উপৰিও ৫০ মিটাৰ বাটাৰফ্লাইত ৰূপ, ২০০ মিটাৰ বাটাৰাফ্লাইত ব্ৰঞ্জ আৰু ২০০ মিটাৰ ফ্ৰীষ্টাইলত ব্ৰঞ্জৰ পদক লাভ কৰিছে। আনহাতে ইয়াৰ পূৰ্বে প্ৰতিশ্ৰুতিসম্পন্ন খেলুৱৈ জাহ্নৱী কাশ্যপে ছোৱালীৰ দুই নম্বৰ গ্ৰুপত ১০০ মিটাৰ ফ্ৰীষ্টাইলত ৰূপ, ৫০ মিটাৰ ফ্ৰীষ্টাইলত ব্ৰঞ্জ লাভ কৰিছে।

ল’ৰাৰ তিনি নম্বৰ গ্ৰুপত আয়ুস বৰাই ৫০ মিটাৰ আৰু ১০০ মিটাৰ ব্ৰষ্ট ষ্ট্ৰ’কত দুটা ৰূপ, ল’ৰাৰ চাৰি নম্বৰ গ্ৰুপত সূৰ্য চাংমায়ে ১০০ মিটাৰ বাটাৰফ্লাইত ব্ৰঞ্জৰ পদক লাভ কৰিছে। এই গ্ৰুপৰ ছোৱালী শাখাত অনংশা শৰ্মাই ১০০ মিটাৰ বাটাৰ ফ্লাইত ৰূপ, ১০০ মিটাৰ বেক ষ্ট্ৰকত ব্ৰঞ্জৰ পদক লাভ কৰিছে।

ছোৱালীৰ চাৰি নম্বৰ গ্ৰুপত অন্বেশা খনিকৰে ২০০ মিটাৰ ইণ্টাৰ মিডলেত স্বৰ্ণপদক, ১০০ মিটাৰ বাটাৰফ্লাইত আন এটা স্বৰ্ণ পদক লাভ কৰিছে। ইয়াৰোপৰি তেওঁ ৫০ মিটাৰ বাটাৰফ্লাইত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। জনজয়জ্যোতি হাজৰিকাই দুই নম্বৰ গ্ৰুপত ৫০ মিটাৰ বাটাৰ ফ্লাইত স্বৰ্ণ, এক নম্বৰ গ্ৰপত ভাৰ্গৱ ফুকনে ২০০ মিটাৰ বেৰষ্ট ষ্ট্ৰকত ব্ৰঞ্জৰ পদক লাভ কৰিছে।

অসমৰ আন এগৰাকী প্ৰচুৰ প্ৰতিভাসম্পন্ন খেলুৱৈ বিক্ৰমচাংমায়ে ৫০ মিটাৰ বাটাৰ ফ্লাইত স্বৰ্ণ, ১০০ আৰু ২০০ মিটাৰ বাটাৰফ্লাইত ৰূপ, ৪x২০০ মিটাৰ ফ্ৰীষ্টাইল ৰীলে গ্ৰুপত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। এইদৰে প্ৰতিযোগিতাখনত বৰ্তমানলৈকে অসম দলটোৱে মুঠ ১০ টা স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে। অসম দলটোৰ প্ৰশিক্ষক তথা ক্ৰীড়া প্ৰাধিকৰণ অসমৰ মুখ্য প্ৰশিক্ষক বাবুল গুৰুং আৰু অসম সাতোঁৰ সন্থাৰ সম্পাদক ভাস্কৰ দাসে সকলো খেলুৱৈকে শুভেচ্ছা জ্ঞাপন কৰিছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3pO8ePq
via IFTTT

Comments