শিমলুগুৰিত বাংলা ভাষাত লিখিত মোনা জব্দ কৰি আৰক্ষীক চমজালে বীৰ লাচিত সেনাই…

ডিজিটেল সংবাদ, শিমলুগুৰিঃ অসমতে অসমীয়া ভাষাক চৰম অপমান। প্ৰধানমন্ত্ৰী গৰিব কল্যান অন্ন যোজনা চৰকাৰী মোনাত লিখিছে বাঙালী ভাষাত। অসম চৰকাৰৰ গৰীব কল্যান অন্ন যোজনা দুখীয়া পৰিয়ালক খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ৫ কেজিকৈ চাউল যোগান ধৰিবলৈ দিয়া মোনাত অপমান অসমীয়া ভাষা। অসমত ‘অসম চৰকাৰ’ লিখিলে বাঙালীত। মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ ফটোৰ ওপৰত বাঙালীত লিখিছে আঁচনিৰ নাম।

চৰকাৰী আঁচনি যোগান ধৰা মোনাৰ ওপৰত অসমীয়া ভাষা এলাগী কৰি বাঙালী ভাষা ব্যৱহাৰ কৰাত ক্ষুন্ন হৈ পৰিছে বীৰ লাচিত সেনা ৷শনিবাৰে বীৰ লাচিত সেনা অসমৰ, লখিমপুৰ জিলাৰ অবিভক্ত শিমলুগুৰি আঞ্চলিক সমিতিয়ে বঙালী ভাষাত লিখিত অসম চৰকাৰৰ অধীনৰ অন্ন যোজনা আঁচনিৰ এনেধৰণৰ বেগসমূহ জব্দ কৰে ৷ সমিতিৰ সম্পাদক অনন্ত গগৈ, জিলা সমিতিৰ সহ সচিব ৰাতুল গগৈ,আঞ্চলিকৰ উপ-সভাপতি গোপাল দৈমাৰী, সহ-সম্পাদক জীৱন দিহিঙ্গীয়া, কৃষ্ণকান্ত সন্দিকৈ, কল্প সন্দিকৈ, সদস্য টুন সন্দিকৈৰ লগতে কেইবাগৰাকী সৈনিক বৃন্দৰ সহযোগত সুলভ মূল্য দোকানৰ স্বত্বাধিকাৰী বীৰেন হাতীবৰুৱাৰ পৰা বহু সংখ্যক বাংলা ভাষাত লিখিত মোনা জব্দ কৰে ৷

জব্দকৃত মোনাসমূহ সংগঠনটোৱে শিমলুগুৰি আৰক্ষীক চমজাই দিয়ে ৷ অবিভক্ত শিমলুগুৰি বীৰ লাচিত সেনা তৰফৰ পৰা সকলো সুলভ মূল্যৰ দোকানী ,সমবায় সমিতিক বঙালী ভাষাত লিখিত এই বেগ সমূহ বিতৰণ বন্ধ কৰিবলৈ দাবী জনায়।উল্লেখ্য,এই মোনা সমূহ বিভিন্ন সমবায়ত অসম চৰকাৰৰ খাদ্য আৰু অসমাৰিক যোগান বিভাগৰ তৰফৰ পৰা যোগান ধৰিছিল।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3BtgwhJ
via IFTTT

Comments