দৌলাশালত নাগাৰা নাম মহোৎসৱ উদযাপন…

ডিজিটেল সংবাদ, চেঙাঃ ৰাইজৰ মঙলৰ বাবে প্ৰতি বছৰৰ দৰে এইবেলিও সম্পূৰ্ণ কোভিড প্ৰট’কল মানি উদযাপন কৰা হৈছে নলবাৰী জিলাৰ দৌলাশালৰ শ্ৰীশ্ৰী মা-কালী মন্দিৰত নাগাৰা নাম মহোৎসৱ। দৌলাশাল নাগাৰা নাম উদযাপন সমিতিৰ উদ্যোগত শনিবাৰে বৰ্ণাঢ্য মাংগলিক কাৰ্যসূচীৰে একবিংশতিতম নাগাৰা নাম মহোৎসৱ উদযাপন কৰা হয়। ৰাজ্যখনৰ দুটি আগশাৰীৰ নাগাৰা নামদল ক্ৰমে ৰঙিয়া জাজিকণাৰ নাগাৰা নামৰ পাঠক ভৱেন চন্দ্ৰ কলিতা আৰু কৰিয়া বিজুলীঘাটৰ পাঠক মন্টু দাসে নাম পৰিৱেশন কৰে। নাগাৰা নামৰ মুখ্যদ্বাৰ মুকলি কৰে দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজশ্ৰী বুঢ়াগোহাঁইয়ে আৰু নাগাৰা নাম উদ্বোধন কৰে নলবাৰীৰ ককয়া গাঁৱৰ সমাজকৰ্মী নিৰ্মল চন্দ্ৰ নাথে ।

অঞ্চলটোৰ নামধৰ্মী ৰাইজে উপভোগ কৰা নাগাৰা নামৰ দুয়োগৰাকী পাঠকে প্ৰাণঢালি নাম পৰিৱেশন কৰি উপস্থিত ৰাইজক মুগ্ধ কৰে । নাগাৰা নাম উদযাপনৰ কাৰ্যসূচী অনুসৰি পুৱা পৰিৱেশ শুদ্ধিকৰণৰ পিছতে বন্তি প্ৰজ্বলন কৰে নাগাৰা নাম উদযাপন সমিতিৰ সভাপতি মহেশ নাথে । পুৱা হৰিদাস বৈশ্য আৰু কামিনী নাথে কীৰ্ত্তন পাঠ কৰে । কীৰ্তন পাঠ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অকণ চন্দ্ৰ চৌধুৰীয়ে । তাৰ পিছতে অনুষ্ঠিত শ্ৰীশ্ৰী মা-কালী মন্দিৰ বৈঠক পাৰ্টি উদ্বোধন কৰে দৌলাশাল উন্নতি সাধিনী সভাৰ সম্পাদক ফুকন নাথে।

দৌলাশালৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান ভাস্কৰ সামূহিক কেন্দ্ৰৰ বাকৰিত অনুষ্ঠিত নাগাৰা নাম মহোৎসৱত নলবাৰী আৰু বৰপেটা জিলাৰ কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থকা বুলি জানিবলৈ দিয়ে উদযাপন সমিতিৰ সম্পাদক জগদীশ বৰ্মনে । উল্লেখ্য যে, দৌলাশালৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজক অপায়-অমংগলৰ পৰা ৰক্ষা কৰাৰ বাবে প্ৰতিবছৰে উদযাপন কৰি অহা হৈছে নাগাৰা নাম মহোৎসৱ । সম্পূৰ্ণ কোভিড প্ৰট’কল মানি অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে চেনিটাইজ আৰু মাস্ক বিতৰণ কৰে বুলি জানিবলৈ দিয়ে উদযাপন সমিতিৰ উপ-সভাপতি কামেশ নাথ আৰু সহকাৰী সম্পাদক নিকুঞ্জ নাথে ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3bpTlKz
via IFTTT

Comments