১মিনিটত ২৫খবৰ…

১

১. কাইলৈ ৩০ অক্টোবৰ। ৰাজ্য কঁপাই যোৱা ধাৰাবাসিক বোমা বিস্ফোৰণৰ ১২ বছৰ।

২. ভৱানীপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ফণী তালুকদাৰক গ্ৰেপ্তাৰৰ দাবী। নিৰ্বাচন আয়োগক অভিযোগ প্ৰদেশ কংগ্ৰেছৰ।

৩. ডিব্ৰুগড়ত বৃহত্‍ পৰিমাণৰ সোণসহ আৰক্ষীৰ জালত ৫ গভাইত চোৰ।

৪. ৰূপহীহাটৰ ছাইদৰীয়াত চাঞ্চল্যকৰ ডকাইতি কাণ্ড। গৃহস্থক হাত-ভৰি বান্ধি অস্ত্ৰধাৰী ডকাইতৰ লুটপাট।

৫. দক্ষিণৰ চলচ্চিত্ৰ তাৰকা পুনিত ৰাজকুমাৰৰ দেহাৱসান। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু জনপ্ৰিয় কানাড়া অভিনেতাজনৰ।

৬. উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰান্তে প্ৰান্তে জব্দ হৈছে সুৰা। কেৱল সুৰাই নহয় জব্দ কৰা হৈছে কোটি কোটি টকাও।

৮. ভৱেশ কলিতা, প্ৰমোদ বড়োলৈ ঘাঁহৰ বীজ প্ৰেৰণ দেৱব্ৰত শইকীয়াৰ। মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সহাঁৰি দি বিৰোধী দলপতিৰ এই কাম।

৯. মাৰাত্মক এইডছত আক্ৰান্ত হৈছে ৰাজ্যৰ কেইবাখনো কাৰাগাৰৰ কয়দী। নগাঁও আৰু মৰিগাঁৱৰ পিছত এইবাৰ HIV ধৰা পৰিছে শিলচৰ আৰু কৰিমগঞ্জৰ কয়দীৰ দেহত।

১০. ভাৰত স্কাউট এণ্ড গাইডৰ অসম শাখাৰ পাণ বজাৰস্থ মাটি লীজত দিয়াৰ প্ৰচেষ্টা। এটা দুষ্ট চক্ৰই লীজ প্ৰক্ৰিয়া চলোৱাৰ অভিযোগ।

১১. ২৪ঘন্টাত অসমত ৩২২গৰাকীৰ দেহত কোৰোনা। মৃত্যু হৈছে ৩গৰাকী ৰোগীৰ।

১৩. ৰাইজৰ দলে মৰিয়নি, থাওৰাত ভোটাৰৰ মাজত বিলাইছে সুৰা, ধন ।এই অভিযোগ মন্ত্ৰী পীযুষ হাজৰিকাৰ।

১৪. থাওৰাৰ সুৰা-ধন জব্দ কৰা ঘটনা সন্দৰ্ভত অখিল গগৈৰ প্ৰতিক্ৰিয়া।‘তেনে কোনো ঘটনা থাওৰা সমষ্টিত সংঘটিতই হোৱা নাই’।

১৫. আজিৰে পৰা পৰ্যটকৰ বাবে সম্পূৰ্ণৰূপে মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। পেলিকান চিটীৰূপে প্ৰখ্যাত অগৰাতলী বনাঞ্চলো শুকুৰবাৰৰ পৰা মুকলি হ’ল পৰ্যটকৰ বাবে।

১৬. দীপাৱলী সম্পৰ্কত প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ।এইবছৰৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ ওপৰত ভিত্তি কৰি নিৰ্দেশ জাৰিৰ পৰামৰ্শ।

১৭. কাইলৈ অনুষ্ঠিত হ’ব ৰাজ্যৰ ৫টা সমষ্টিৰ বাবে উপ-নিৰ্বাচন। মুঠ ৭ লক্ষাধিক ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰি নিৰ্ণয় কৰিব ৩১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ইতিমধ্যে নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে নিৰ্বাচন আয়োগে।ট

১৮. দুৰ্গা পূজাৰ পিছৰে পৰাই ৰাজ্যত পুনৰ বৃদ্ধি পাবলৈ ধৰিছে কৰোনা সংক্ৰমণৰ হাৰ। বৃহস্পতিবাৰৰ দিনটোতে ৰাজ্যত নতুনকৈ আক্ৰান্ত হয় ৩২২জন লোক।

১৯. বকোৰ সোনতলীত ভয়াৱহ পথ দুৰ্ঘটনা,আহত ৩ জন।

২০. নগাঁৱৰ আবকাৰী বিভাগে আজি চুলাই মদৰ বিৰুদ্ধে বিভিন্ন স্হানত অভিযান চলায় ৷ জিলা খনৰ ৰাইদঙ্গীয়া , কাজমাৰী , চলচলি , নলতলি , ধানেখোৱাত আজি অভিযান চলায় ৷

২১. ব্লেডেৰে আক্ৰমন কৰি এগৰাকী মহিলা হাতৰ সোনৰ আ-অলংকাৰ আদি কাঢ়ি নিয়া এক ঘটনা সংঘটিত হৈছে ৷ মহিলাগৰাকীৰ নাম হৈছে ৰঞ্জু ম’ৰ ৷

২২. তিনিচুকীয়াৰ বাৰেকুৰিত গুলীচালনাৰ ঘটনা: তেল চোৰলৈ লক্ষ্য কৰি ঔদ্যোগিক নিৰাপত্তাৰক্ষীৰ গুলী: স্থানীয় লোকৰ হকা-বাধাত বাহনসহ পলায়ন তেলচোৰৰ দল।

২৩. শাল গছ কাটি ফৰলেন বনোৱা প্ৰস্তাব নাকচ । ঘাইপথ প্ৰাধিকৰনৰ দুই শীৰ্ষ বিষয়া ডবকাত।

২৪. স্কুল-কলেজ খোলাৰ পিছত এই পৰ্যন্ত ৰাজ্যৰ ১৮খন শিক্ষানুষ্ঠানত কভিড সংক্ৰমিত শিক্ষাৰ্থী অথবা শিক্ষক চিনাক্ত হৈছে। মুঠ ৩৫জনৰ দেহত কভিড ধৰা পৰিছে।

২৫. বিধায়িকা নন্দিতা দাস হায়:হায়: শ্লোগানেৰে উত্তাল ছমৰীয়া,পথ। মেৰামতিৰ দাবীত বাঙালী পৰিষদে ছমৰীয়া ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মূখ্যমন্ত্ৰীলৈ প্ৰদান কৰিলে স্মাৰক পত্ৰ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3pQJ5DM
via IFTTT

Comments