পুত্ৰই পালে জামিনঃ মুখত শ্বাহৰুখৰ হাঁহি, শনিবাৰহে কাৰাগাৰৰ পৰা আৰিয়ান আহি ‘মন্নত’ পাবহি..

ডিজিটেল ডেস্কঃ জামিন পালেও শনিবাৰৰ পূৰ্বে শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান কাৰাগাৰৰ পৰা ঘৰলৈ উভতা সম্ভাৱনা ক্ষীণ। বৃহস্পতিবাৰে ড্ৰাগছ সংক্ৰান্তীয় গোচৰত আৰিয়ানক বোম্বাই উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিলেও অন্যান্য আনুষ্ঠানিকতা সম্পূ্ৰ্ণ কৰাৰ পাছতে কাৰাগাৰৰ পৰা ঘৰলৈ যাব পাৰিব তেওঁ।

উল্লেখযোগ্য যে ৩ অক্টোবৰত এখন জাহাজত অভিযান চলাই আৰিয়ানক এন চি বিয়ে গ্ৰেপ্তাৰ কৰিছিল। ৮ অক্টোবৰৰ পৰা মুম্বাইৰ আৰ্থাৰ ৰোড জেলত আছে আৰিয়ান। আৰিয়ানৰ লগতে তেওঁৰ বন্ধু আৰবাজ মাৰ্চেণ্ট আৰু মডেল মুনমুন ধামেছাকো জামিন দিছে আদালতে। আৰিয়ানৰ জামিনৰ আদেশ দিলও আজিহে আদালতে আনুষ্ঠানিকভাৱে এই নিৰ্দেশ প্ৰদান কৰিছে।

পুত্ৰই পালে জামিন, শ্বাহৰুখৰ মুখত হাণহি। পুত্ৰৰ হৈ উকালতি কৰা অধিবক্তাৰ সৈতে শ্বাহৰুখ খান…

এতিয়ালৈকে নিৰ্দেশৰ প্ৰতিলিপি আৰিয়ানৰ অধিবক্তাই লাভ কৰা নাই। আদালতে সেই নিৰ্দেশৰ প্ৰতিলিপি কাৰাগাৰ কৰ্তৃৰক্ষলৈ প্ৰেৰণ কৰাৰ পাছতহে তেওঁলোকক কাৰাগাৰৰ পৰা ঘৰলৈ যাব দিব। ইয়াৰ পূৰ্বে ২ বাৰকৈ জামিন আবেদন নাকচ হৈছিল আৰিয়ানৰ। আৰিয়ানৰ জামিন পোৱাৰ পাছতে উল্লাসিত হৈ পৰে কিং খান। এই গোচৰত আৰিয়ানৰ অধিবক্তা আছিল দেশৰ প্ৰাক্তন এটৰ্নি জেনেৰেল মুকুল ৰোহটগী।

আৰিয়ানৰ হৈ আইনী যুঁজত অৱতীৰ্ণ হোৱা অধিবক্তাৰ দলৰ সৈতে ফটোও উঠে শ্বাহৰুখ খানে। হাস্যবদনে শ্বাহৰুখ খানে উঠা এই ফটো বাইৰেল হৈ পৰিছে চছিয়েল মিডিয়াত। ‘মন্নত’ অৰ্থাত শ্বাহৰুখ খানৰ পুত্ৰৰ জামিনৰ পাছতেই প্ৰায় ৩ সপ্তাহৰ অন্তত স্বাভাৱিক পৰিৱেশ ঘূৰি আহিছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2XT7UTM
via IFTTT

Comments