ধেমাজি আৰু নগাওঁ দেশৰ সৰ্বোচ্ছ জলবায়ু স্পৰ্শকাতৰ জিলা…

ডিজিটেল ডেস্কঃ ভয়ংকৰ বিপদৰ দিশে অসম।পোন প্ৰথমবাৰৰ বাবে শক্তি, পৰিৱেশ আৰু জল আয়োগৰ ক্লাইমেট ভালনাৰেবিলিটে ইনেডক্সেত প্ৰকাশ পোৱা অনুসৰি আগন্তুক সময়ত অসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত সৃষ্টি হ’ব প্ৰাকৃতি দুৰ্যোগ। বান, খৰাং, ঘূৰ্ণীবতাহ আদিকে ধৰি প্ৰাকৃতি দুৰ্যোগ তাণ্ডৱ সৃষ্টি কৰিব ৰাজ্যসমূহত। প্ৰকাশিত খবৰ অনুসৰি অসম অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু বিহাৰত আগন্তুক সময়ত সৃষ্টি হ’ব ভয়ংকৰ দুৰ্যোগ।
উল্লেখ্য যে, অসমৰ ধেমাজি আৰু নগাওঁ জিলা দেশৰ সৰ্বোচ্ছ জলবায়ু স্পৰ্শকাতৰ জিলা।দেশৰ ২৭ খন জিলা আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ আৰু আসন্ন দুৰ্যোগৰ বিষয়ে অধ্যয়ন কৰাত দেখা পোৱা গৈছে যে, দেশৰ ৬৪০ খন জিলাৰ ভিতৰত ৪৬৮ খন জিলাই সৰ্বাধিক বিপন্ন। ইয়াৰ ভিতৰত সৰ্বাধিক আক্ৰান্ত আৰু বিপন্ন হৈছে অসমৰ ধেমাজি আৰু নগাওঁ জিলা দুখন।
মনকৰিবলগীয়া যে জলবায়ু পৰিৱৰ্তনৰ বাবে হোৱা বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ বাবে দেশৰ এনে জিলসমূহৰ অৰ্থনীতি ইতিধ্যে বিধ্বস্ত হৈ পৰিছে আৰু জীৱন-জীৱিকাৰ সন্ধানত নিজৰ ঠাই এৰি গুচি গৈছে স্থানীয় লোকসকল। অসমৰ ধেমাজি আৰু নগাওঁ জিলাৰ পিছতে সৰ্বাধিক বিপন্ন হোৱা জিলসমূহ হৈছে তেলেংগানাৰ খাম্মাম, ওড়িশাৰ গজপতি, অন্ধ্ৰপ্ৰদেশৰ ভিজিয়ানগৰম, মহাৰাষ্ট্ৰৰ চাংলি আৰু তামিলনাডুৰ চেন্নাই জিলা।
এই প্ৰতিবেদন অনুসৰি দেশৰ ৮০ শতাংশৰো অধিক লোক বিপজ্জনক জলবায়ুৰ স্পৰ্শকাতৰ ঠাইত বাস কৰি আছে। প্ৰতি ২০ জন লোকৰ ভিতৰত ১৭ জনেই জলবায়ুৰ পৰা উদ্ভৱ হ’ব পৰা সমস্যাৰ শংকাত থাকে। আনহাতে ইয়াৰে আকৌ ৫ জন লোক অতি স্পৰ্শকাতৰ এলেকাত বাস কৰে। আনহাতে দেশৰ ৪৫ শতাংশ জিলা অস্বাভাৱিক ভূমিস্খলন আৰু আন্তঃগাঁথনি পৰিৱৰ্তনৰ বলি হৈছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3micnsP
via IFTTT
Comments
Post a Comment