প্ৰিয় অভিনেতাৰ মৃত্যুৰ খবৰত হাৰ্টএটেক হ’ল অনুৰাগীৰ, পঢ়ক এই খবৰ…

ডিজিটেল ডেস্কঃ হৃদৰোগত আক্ৰান্ত হৈ কানাড়া অভিনেতা পুনিথ ৰাজকুমাৰৰ মৃত্যুৰ পাছতে সমগ্ৰ দেশৰ লগত কৰ্ণাটকত দেখা গৈছিল শোকাকুল পৰিৱেশ। মৰমৰ অভিনেতাগৰাকীৰ শেষবাৰৰ বাবে চাবলৈ ওলাই আহিছিল লাখ লাখ লোক। যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ কণাৰ্টকত ১৪৪ধাৰা জাৰি কৰিবলৈ বাধ্য হৈছিল প্ৰশাসন। এই সকলোবোৰ ঘটনাৰ মাজতে আন এক খবৰ শেহতীয়াকৈ পোহৰলৈ আহিছে।

প্ৰিয় অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰৰ পোৱাৰ পাছতে হাৰ্ট এটেকত মৃত্যু হৈছে তেওঁৰ এগৰাকী অনুৰাগী। মৃত্যু হোৱা এই অনুৰাগীগৰাকীৰ ঘৰ কৰ্ণাটকৰ চামৰাজনগৰৰ মাৰুৰ গাঁৱৰ বুলি জানিব পৰা গৈছে। অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতে মৃত্যু হৈছিল এই অনুৰাগী গৰাকীৰ। উল্লেখ্য যে, মৃত্যু ৩টা দিনৰ পিছত আজি শেষকৃত্যু সম্পন্ন কৰা হব পুনিথ ৰাজকুমাৰৰ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3mvm5YN
via IFTTT

Comments