পুৱাৰ খবৰ…

১. আজি অনুষ্ঠিত হ’ব ৰাজ্যৰ ৫টা সমষ্টিৰ বাবে উপ-নিৰ্বাচন। মুঠ ৭ লক্ষাধিক ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰি নিৰ্ণয় কৰিব ৩১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ইতিমধ্যে নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে নিৰ্বাচন আয়োগে।

২. পৰ্যটকৰ বাবে সম্পূৰ্ণৰূপে মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। পেলিকান চিটীৰূপে প্ৰখ্যাত অগৰাতলী বনাঞ্চলো শুকুৰবাৰৰ পৰা মুকলি হ’ল পৰ্যটকৰ বাবে। নাৰিকল ভাঙি মাংগলিক অনুষ্ঠানত বন শিবিৰটো মুকলি কৰিলে বোকাখাতৰ মহাকুমাধিপতি ডাঃ নেহা যাদৱে।

৩. স্কুল-কলেজ খোলাৰ পিছত এই পৰ্যন্ত ৰাজ্যৰ ১৮খন শিক্ষানুষ্ঠানত কভিড সংক্ৰমিত শিক্ষাৰ্থী অথবা শিক্ষক চিনাক্ত হৈছে। মুঠ ৩৫জনৰ দেহত কভিড ধৰা পৰিছে। ইয়াৰে ৩ জন ষষ্ঠ শ্ৰেণীৰ শিক্ষাৰ্থী। ৫ জন কলেজৰ ছাত্ৰ ছাত্ৰী। আক্ৰান্ত সকলৰ ১৯ শিক্ষক, ১৫ শিক্ষাৰ্থী।

৪. অৰুণাচলৰ কামেং জিলা প্রশাসনৰ বিশেষ নিৰ্দেশনা। কামেং নদীত ওপঙি উঠা মাছ ভক্ষণ নকৰিবলৈ জনসাধাৰণক আহ্বান। একাংশই ধৰিছে কামেং নদীত ওপঙি উঠা মাছ। ইয়াৰ প্রভাৱ নামনিৰ ব্রহ্মপুত্রতো পৰিবহি পাৰে। সকলোকো সাৱধান হোৱাৰ আহ্বান কামেং জিলা প্রশাসনৰ।

৫. কামৰূপ জিলাৰ বকোৰ বিভিন্ন এলেকাত প্ৰতিদিনে সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা।শুক্ৰবাৰে ও বকোৰ সোণতলীত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়।তীব্ৰবেগী বাইক আৰু ই-ৰিস্কাৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত হয় এই দুৰ্ঘটনা।প্ৰাপ্ত তথ্য মতে এই পথ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত তিনি জন লোক।আহত তিনিজন ক্ৰমে-ৰাজ আলী,ৰফিকুল,ৰাকিবুল বুলি জানিব পৰা গৈছে।

৬. ডেৰে আক্ৰমন কৰি এগৰাকী মহিলা হাতৰ সোনৰ আ-অলংকাৰ আদি কাঢ়ি নিয়া এক ঘটনা সংঘটিত হৈছে ৷ মহিলাগৰাকীৰ নাম হৈছে ৰঞ্জু ম’ৰ ৷ অন্য দিনৰ দৰে ৰঞ্জু মৰে সন্ধ্যা খোজ কাঢ়িবলৈ যোৱাৰ সময়তে মটৰ চাইকেলত অহা দুজনীয়া যুবকৰ দলে প্ৰথমে পথৰ ওপৰতে বগৰাই লয় ৷ হয়বৰ গাওঁ আৰক্ষী চকী অন্তৰ্গত চেন্টএন্থনী স্কুলৰ ওচৰত সংঘটিত হৈছে এই ঘটনা ৷

৭. অবশেষত ডবকা বনাঞ্চলৰ শাল গছ কাটি চাৰি লেন যুক্ত ঘাই পথ নিৰ্মানৰ প্ৰস্তাব নাকচ হোৱাটো প্ৰায় নিশ্চিত হৈছে ৷ ডবকা বাই পাচৰ পৰা ডবকা বনাঞ্চলৰ মাজেৰে নিৰ্মানৰ প্ৰস্তাব লোৱা চাৰি লেন যুক্ত ঘাই পথটো প্ৰকৃতিপ্ৰেমীৰ প্ৰতিবাদত ৰি-এলাইন্টমেন্ট কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ ইয়াৰ অংশ হিচাপি আজি ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰনৰ দুই শীৰ্ষ বিষয়া ডবকাত উপস্হিত হয় ৷ প্ৰাধিকৰনৰ উত্তৰ-পূবৰ ৰাজহ বিভাগৰ জেনেৰেল মেনেজাৰ জে ভৰদ্বাজ , আৰ আৰ কাটিৱালা ডবকাত উপস্হিত হৈ ৰি-এলাইন্টমেন্ট হব লগা স্হান পৰিদৰ্শন কৰে ৷

৮. ধেমাজি পাঞ্জাব নেচনেল বেংকৰ উদ্যোগত শুকুবাৰে ধেমাজি কাছাৰী ময়দানত এটি ঋণদান সজাগতা কাৰ্য্যসূচী অনুষ্টিত হয় ৷ বিয়লি ১২ .৩০ বজাত অনুষ্ঠানটিৰ ফিটা কাটি আনুষ্ঠানিক ভাৱে মুকলি কৰে ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত উৎপল বৰাই ৷ এই উপলক্ষে আয়োজিত হোৱা সভাত অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে বক্তব্যত এনেধৰনৰ সজাগতাৰ সভাৰ জৰিয়তে বেংক আৰু ৰাইজৰ মাজত আৰু অধিক সম্বন্ধ ওচৰ চাপি আহিব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷

৯. চুড়ান্ত অৰাজকতা চলিছে কলিয়াবৰৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত। সামান্য কাম এটাৰ বাবেই প্ৰতিদিনে কাৰ্যালয়টোলৈ তাঁত বাতি কৰিব লগা হৈছে সাধাৰণ জনতাই। কাৰ্যালয়টোৰ এনে হেমাহি আৰু দায়িত্বহীনতাৰ বাবে সাধাৰণ ৰাইজৰ লগতে দুৰ্ভোগ ভূগিব লগা হৈছে ছাত্ৰ-ছাত্ৰী সকলেও। কাৰ্যালয়টোৰ বিষয়া-কৰ্মচাৰীৰ এনে হেমাহিৰ বিৰুদ্ধে শুকুৰবাৰে প্ৰতিবাদমুখৰ হৈ পৰে একাংশ কলেজীয়া ছাত্ৰ-ছাত্ৰী। ছাত্ৰবৃত্তিৰ আবেদনৰ বাবে প্ৰয়োজনীয় বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰ বিচাৰি ছাত্ৰ-ছাত্ৰী সকলে বাৰম্বাৰ কাৰ্যালয়টোলৈ অহা-যোৱা কৰে যদিও ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে প্ৰমাণ পত্ৰ দিবলৈ অমান্তি হয়। মহাবিদ্যালয়ৰ অধ্যক্ষই নিজে আয়ৰ প্ৰমাণ পত্ৰ দিব পাৰিব বুলি চক্ৰ বিষয়া গৰাকীয়ে ওভতাই পঠায় ছাত্ৰ-ছাত্ৰী সকলক।

১০. গ্ৰাম্য অঞ্চলৰ একাংশ কথাকথিত দেৱানী-মাতব্বৰৰ দাদাগিৰিত চৰকাৰী আঁচনি ৰূপায়নৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি হৈছে। স্থানীয় দেৱানী-মাতব্বৰসকলৰ মইমতালি ইমানেই বৃদ্ধি পাইছে,যে তেওঁলোকৰ কথাত উঠাবহা নকৰিলে চৰকাৰী আঁচনি ৰূপায়নত নিয়োজিত ঠিকাদাৰ-বণুৱাৰ জীৱনৰ প্ৰতিয়ে নামা আহে চৰম ভাবুকি।ঠিকাদাৰে স্থানীয় দেৱানী-মাতব্বৰসকলক দিব লাগে কমিছন অথবা সলনি কৰিব লাগে আঁচনিৰ স্থান আৰু প্ৰাক্ কলন। শেহতীয়াকৈ বৃহস্পতিবাৰে গোৱালপাৰাত সংঘটিত হৈছে তেনে এক স্পৰ্শকাতৰ অপৰাধমূলক ঘটনা।জলজীৱন আঁচনি ৰূপায়নত নিয়োজিত ঠিকাদাৰএগৰাকীক স্থানীয় মাতব্বৰ পতি-পত্নী এহালে মৃত্যৰ ভাবুকি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3ByAzvq
via IFTTT

Comments