নলবাৰীৰ বিশিষ্ট সাহিত্যসেৱী ৰাজেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ ৯৫ সংখ্যক ওপজা দিন পালন…

ডিজিটেল সংবাদ, নলবাৰী: পশ্চিম নলবাৰী অঞ্চলৰ অন্যতম শিক্ষানুষ্ঠান চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰীয়া অধ্যক্ষ ৰাজেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ ৯৫ সংখ্যক ওপজা দিন ২৬ অক্টোবৰৰ সন্ধিয়া জিলাখনৰ গামাৰিমূৰী গাঁৱস্থিত নিজ বাসভৱনত পালন কৰা হয় । অনুষ্ঠানত বিশিষ্ট শিক্ষাব্ৰতী তথা সাহিত্যসেৱী গৰাকীক ধৰ্মপুৰ জ্ঞানদায়িনী নাট্য সমাজৰ সভাপতি দীপক কুমাৰ শৰ্মা, সম্পাদক ভগৱান বৰ্মন, পশ্চিম নলবাৰী প্ৰেছ ক্লাবৰ সভাপতি গণেশ বৰ্মন, কাৰ্যকৰী সভাপতি তথা নলবাৰী জিলা সাংবাদিক সন্থাৰ উপ সভাপতি ৰাজেন বৈশ্য, পশ্চিম নলবাৰী প্ৰেছ ক্লাবৰ সম্পাদক প্ৰদীপ কুমাৰ বৰ্মন, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বীৰেন্দ্ৰনাথ প্ৰমুখ্যে স্থানীয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলে ফুলাম গামোচা, গ্ৰন্থ আদিৰে ওপজা দিনৰ ওলগ জ্ঞাপনেৰে সমাজমুখী ব্যক্তিগৰাকীৰ সক্ৰিয় আৰু দীৰ্ঘায়ু জীৱন কামনা কৰে । গুণগ্ৰাহীসকলৰ আন্তৰিক শুভেচ্ছা গ্ৰহণ কৰি বিশিষ্ট শিক্ষাব্ৰতীগৰাকীয়ে স্মৃতিকাতৰ হৈ সকলোকে ধন্যবাদ জ্ঞাপন কৰি আশীৰ্বাদ দিয়ে ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3momBYJ
via IFTTT

Comments