বৃদ্ধ দম্পতি হত্যা কাণ্ডঃ হাতত লাঠী লৈ প্ৰবেশ কৰা দুই যুৱক কোন…

ডিজিটে ডেস্কঃ গুৱাহাটী মহানগৰৰ বেলতলাৰ চন্দন নগৰৰ বৃদ্ধ দম্পতি হত্যা কাণ্ড সন্দৰ্ভত আৰক্ষীয়ে লাভ কৰিছে নতুন তথ্য। চিচি টিভিৰ ফুটেজত আৰক্ষীয়ে বিচাৰি পাইছে দুজন যুৱকৰ উপস্থিতি। বৰ্তমানলৈকে আৰক্ষীয়ে নিশ্চিত কৰিব পৰা নাই এই যুৱক প্ৰকৃততে কোন। জানিব পৰা মতে যুৱক দুজনে বৃদ্ধ দম্পতি ননীগোপাল বৰুৱা আৰু মীনা বৰুৱাৰ ঘৰত প্ৰৱেশ কৰিছিল।

গুৰুত্বপূৰ্ণ কথাটো হ’ল এই যুৱক দুজনে ৫ মিনিটিৰ ব্যৱধানত দুবাৰকৈ ঘৰটোত প্ৰৱেশ কৰিছিল। দ্বিতীয়বাৰ ঘৰটোত প্ৰবেশ কৰাৰ সময়ত হাতত লাঠী লৈ আছিল তেওঁলোক দুয়োজনে। মুখত মাস্ক পৰিধান কৰাৰ বাবে যুৱক দুজন প্ৰকৃততে কোন এতিয়াও জানিব পৰা হোৱা নাই।

ইফালে বৃদ্ধ দম্পতিহালৰ কেয়াৰ টেকাৰ আকাশ চৌধুৰীক মঙ্গলবাৰে সোধ-পোছৰ অন্তত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।আকাশৰ লগতে মহানগৰীৰ পাথৰকুঁৱৰীৰ পৰা সত্যন্দ্ৰ সিং আৰু বৰবাৰীৰ পৰা পৰেশ চৌধুৰী নামৰ দুজন ব্যক্তিকো আটক কৰিছিল আৰক্ষীয়ে। আনহাতে আকাশ চৌধুৰীৰৰ পত্নীৰ মোবাইল ফোন পৰীক্ষা কৰি দিছপুৰে আৰক্ষীয়ে এখন তালিকা প্ৰস্তুত কৰিছে। ইফালে এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে জুন শইকীয়া আৰু বুদ্ধদেৱ ওৰফে বাবুল নামৰ দুজন ব্যক্তিক আটক কৰিছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3ElA8q0
via IFTTT

Comments