মঙলদৈত ঋণ বিতৰণৰ বাবে জন প্ৰসাৰ কাৰ্যক্ৰম…

ডিজিটেল সংবাদ মঙলদৈঃ মঙলদৈৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে জিলা ভিত্তিক এটি ঋণ বিতৰণৰ বাবে ‘জন প্ৰসাৰ কাৰ্যক্ৰম’ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ অগ্ৰনী বেংক UCO Bank ৰ সৌজন্যত দৰং জিলাত থকা ১৮ টা ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰাপ্ত বেঙ্ক আৰু ২টা সহযোগী প্ৰতিষ্ঠান – গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান, দৰং (আৰছেটি) আৰু ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেঙ্ক (নাবাৰ্ড) মুঠ ২০টা প্ৰতিস্থানে বৃহস্পতি বাৰৰ কাৰ্যসূচীত ২৫২জন হিতাধিকাৰীৰ মাজত প্ৰায় ২২ কৌটি ঋণ বিতৰণ কৰে ।

জিলা অগ্ৰণী বেঙ্ক বিষয়া বি, পি, কৰ্মকাৰে আট ধৰা এই ঋণ বিতৰণৰ কাৰ্যসূচীত সভাপতিত্ব কৰে দৰং জিলাৰ উন্নয়ণ আয়ুক্ত শুভলক্ষী কটকীয়ে। অনুস্থানত জিলা খনৰ সকলো বেংক কতৃপক্ষ, চৰকাৰী বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে।কোভিড প্ৰট’কল অনুসৰি অনুষ্ঠিত এই কাৰ্যসূচীত হিতাধিকাৰীৰ, বিভিন্ন আত্মসহায়ক গোটৰ লগতে জিলা খনৰ বেংক লগত জড়িত বিভিন্ন অনুষ্ঠানৰ লোক সকল উপস্থিত থাকে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3GwDs3g
via IFTTT

Comments