পুৱাৰ খবৰ…

১. ৰাজ্যত আকৌ ২৮৩জন কোৰোনাত আক্ৰান্ত। ইয়াৰে ১০৮জন কামৰূপ মেট্ৰ’ৰ, ৩২জন দৰঙৰ, ১৭জন বৰপেটাৰ আৰু ১৫ জন শিৱসাগৰৰ। ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬১০৪৩৩জনলৈ পাইছে বৃদ্ধি। এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৩৫২জন ৰোগী। ইফালে, শনিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় ৩৭১জন লোক। আনহাতে, উক্ত দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ৪জনৰ মৃত্যু।

২. হিন্দী ছবিজগতৰ বিশিষ্ট অভিনেতা ইউচুফ হুচেইনৰ দেহাৱসান। কোভিডত আক্ৰান্ত হৈ মৃত্যু হয় বৰ্ষীয়ান অভিনেতাগৰাকীৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৩বছৰ। বলিউদৰ লগতে সৰু পৰ্দাৰ কেইবাখনো জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰিছিল তেওঁ। তেখেতৰ মৃত্যুত বিভিন্ন জনৰ শোক প্ৰকাশ।

৩. দৰং জিলাত কোভিডৰ ভয়ংকৰ সংক্ৰমণ। এখন বিদ্যালয়ৰ ২২গৰাকী শিক্ষাৰ্থী দেহত পোৱা হৈছে কোভিডৰ সংক্ৰমণ। মঙলদৈৰ জ্ঞান বিকাশ একাডেমীৰ বিদ্যালয়ৰ শিক্ষাৰ্থীসকল আক্ৰান্ত হৈছে কোভিডত। ৭দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে বিদ্যালয়খন।

৪. উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সভাকক্ষত শনিবাৰে উগ্ৰপন্থীৰ গুলী অথবা বিস্ফোৰণত আহত হোৱা ২৫ গৰাকী আৰক্ষীৰ লোক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ সৈতে আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলৰ এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত আৰক্ষীৰ সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তই কয়- ভুক্তভোগী এই সকল আৰক্ষীয়ে প্ৰয়োজনীয় প্ৰশিক্ষণত অৱতীৰ্ণ নোহোৱাকৈয়ে পদোন্নতি লাভ কৰিব আৰু পদোন্নতিৰ ক্ষেত্ৰত বাধ্যতামূলক এই পাঠ্যক্ৰম তেওঁলোকৰ ক্ষেত্ৰত ৰেহাই দিয়া হ’ব বুলি ঘোষণা কৰে।

৫. লংকা-লামডিং পথত ভয়ংকৰ পথ দুৰ্ঘটনা। উদালী তিনিআলি আৰক্ষী পহৰা চকীৰ অন্তৰ্গত ফৰেষ্ট গেটত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত আহত হয় অসম আৰক্ষীৰ ২য় এপিটিএফৰ ১৩ জনকৈ জোৱান। লামডিংস্থিত ২য় এপিটিএফৰ মুখ্য কাৰ্যালয়ৰ পৰা এখন আল্টা গাড়ীত গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত একে দিশত অহা এখন ট্ৰাকে খুন্দা মৰাত সংঘটিত হয় দুৰ্ঘটনা। বৰ্তমান ৬ জনকৈ আহত জোৱানক লংকা প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰাৰ বিপৰীতে গুৰুতৰভাৱে আহত ৭জন জোৱানক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল।

৬. পুৱা ৭বজাৰে পৰা ৰাজ্যৰ ৫সমষ্টিত আৰম্ভ হৈছে ভোটগ্ৰহণ। গোসাইগাঁৱত সন্ধিয়া ৫.০০বজালৈকে ভোটদানৰ হাৰ হৈছে ৭৭.৩৭শতাংশ। থাওৰাত সন্ধিয়া ৫.০০বজালৈকে ভোটদানৰ হাৰ হৈছে ৭৫.০৭ শতাংশ। ভৱানীপুৰত সন্ধিয়া ৫.০০বজালৈকেভোটদানৰ হাৰ হৈছে ৭৪শতাংশ। মৰিয়নীত সন্ধিয়া ৫.০০বজালৈকে ভোটদানৰ হাৰ হৈছে ৬১.৬২শতাংশ তামুলপুৰত সন্ধিয়া ৫.০০বজালৈকে ভোটদানৰ হাৰ হৈছে ৬২শতাংশ। অসমৰ ৫ বিধানসভা সমষ্টিত প্ৰায় ৭০ শতাংশ ভোটদান কৰা হৈছে।

৭. মাজুলীৰ শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ উদ্যোগত কেলিগোপাল নাটৰ আধাৰত অহা ১৮, ১৯ আৰু ২০ নবেম্বৰত তিনিদিনীয়াকৈ আয়োজন কৰা ৰাস মহোৎসব সুচাৰুৰূপে অনুষ্ঠিত কৰিবৰ কাৰণে আজি সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ সভাপতিত্বত শংকৰদেৱ কৃষ্টিসংঘত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। ৰাস মহোৎসব আয়োজক পুৰণি সমিতিৰ সম্পাদক তীৰ্থ ভূঞাই উদ্দ্যেশ্য ব্যাখা কৰা সভাখনিত সত্ৰাধিকাৰ জনাৰ্দন দেবগোস্বামীয়ে ৰাস উদযাপনক লৈ চৰকাৰ তথা মাজুলী জিলা প্ৰশাসনে বৰ্তমানলৈ কোনো নিদিষ্ট নিৰ্দেশনা প্ৰদান কৰা নাই যদিও কোভিডৰ নীতি-নিয়ম অনুযায়ী ৰাস উদযাপনত কৰাত বিশেষ বাধা নাহে বুলি আশাবাদী বুলি ব্যক্ত কৰে।

৮. ৰাজ্য চৰকাৰৰ সাধাৰণ প্রশাসন বিভাগে যোৱা ২৮ অক্টোবৰ, ২০২১ অৰ্থাৎ বৃহস্পতিবাৰে এক অধিসূচনাযোগে সকলো চৰকাৰী যোগাযোগত তাৰিখ আৰু চন উল্লেখৰ ক্ষেত্ৰত কিছু নির্দেশনা জাৰি কৰিছিল। সেই অনুসৰি সকলো চৰকাৰী যোগাযোগত অসমীয়া কেলেণ্ডাৰৰ লগতে গ্ৰেগ’ৰিয়ান কেলেণ্ডাৰ অনুসৰি তাৰিখ আৰু চন উল্লেখ থাকিব লাগিব বুলি এক নিৰ্দেশনা চৰকাৰে জাৰী কৰিছে।

৯. এক গোপন সূত্ৰৰ পমখেদি নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে শনিবাৰে নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী ম’হ খুলিত অভিযান চলাই এটা নকল সোণেৰে নিৰ্মিত মূৰ্তি সহ দুজন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে কৰায়ত্ত কৰা নকল সোণৰ ব্যৱসায়ী দুজন হৈছে আমিৰ হুছেইন আৰু আজিজুল ইছলাম।দুয়োৰে ঘৰ জিলাখনৰ ৰূপহীহাট থানাৰ অন্তৰ্গত লৰীমুখত। এক বুজন পৰিমাণৰ ধনৰ বিনিময়ত লোক দুজনে নকল সোণৰ মূৰ্তিটো বিক্ৰি কৰিবলৈ অনা বুলি আৰক্ষীৰ সূত্রত প্ৰকাশ।

১০. শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাৰ মাইক্ৰ’ বায়’ল’জি বিষয়ৰ শনিবাৰে ঘোষিত ফলাফলত নলবাৰী বৰকুৰাৰ এগৰাকী ছাত্ৰীয়ে প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি গৌৰৱ কঢ়িয়াইছে। নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা আৰু অনিতা দেৱীৰ কন্যা পৰিস্মিতা শৰ্মাই ৮.৮৫ পইন্ট লাভ কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। মেধাৱী ছাত্ৰীগৰাকীয়ে তেওঁৰ এই ফলাফলৰ বাবে ভগৱান, শিক্ষাগুৰু, পিতৃ-মাতৃ আৰু পৰিয়ালৰ সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3w74dGP
via IFTTT

Comments