বকোত ভয়াৱহ পথ দুৰ্ঘটনাঃ অচিনাক্ত বাহনৰ খুণ্ডাত প্ৰাণ গ’ল দুজনৰ…

ডিজিটেল সংবাদ, ছমৰীয়া: বকোৰ বোন্দাপাৰাত শোকাৱহ পথ দুৰ্ঘটনা। অচিনাক্ত চাৰিচকীয়া বাহনৰ খুণ্ডাত মৃত্যু হয় দুজন লোকৰ। তীব্ৰবেগী এখন চাৰিচকীয়া বাহনে মহতিয়াই থৈ গ’ল বাইক আৰোহী আৰু এজন লোকক। উল্লেখ্য যে, ইতিমধ্যে বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ননীগোপাল সৰকাৰ সহ এটি দলে ঘটনাস্থলীত উপস্থিত হৈছে যদিও মৃত্যু হোৱা লোক দুজনক চিনাক্ত কৰিব পৰা হোৱা নাই। এই পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হোৱা লোক দুজনৰ বাইকখনৰ ন AS 01 5168 বুলি জানিব পৰা গৈছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ZtLXM7
via IFTTT

Comments