তেজপুৰৰ পৰ্যটন ক্ষেত্ৰৰ অন্যতম সংযোজন ভোমোৰাগুৰি নদী পৰ্যটন ক্ষেত্ৰঃ সগৌৰৱেৰে জিলিকি উঠিছে বিশ্ব পৰ্যটন মানচিত্ৰত

ডিজিটেল সংবাদ তেজপুৰঃ বিশ্বৰ পৰ্যটন মানচিত্ৰত সগৌৰৱেৰে জিলিকি উঠিছে শিলে কথা কোৱা নগৰী ঐতিহ্যমণ্ডিত তেজপুৰৰ অনুপম প্ৰাকৃতিক সৌন্দৰ্য আৰু নৈসৰ্গিক পৰিবেশৰে আৱৰি থকা ভোমোৰাগুৰি আৰু মহাবাহু ব্ৰহ্মপুত্ৰৰ নদী পৰ্যটন ক্ষেত্ৰ । ইমানেই নহয় ভোমোৰাগুৰি পাহাৰৰ সমীপৰ পৰা গণেশ ঘাটলৈকে ব্ৰহ্মপুত্ৰৰ এলেকাত দেখা পোৱা দুস্প্ৰাপ্য প্ৰজাতিৰ শিহুয়েও ( ৰিভাৰ ডলফিন) হাজাৰ হাজাৰ দেশী বিদেশী পৰ্যটক বাৰুকৈ আৰ্কষিত কৰি আহিছে ।
এনে মনোমোহা পৰিবেশৰ প্ৰতি আকৃষ্ট হৈয়েই ভোমোৰাগুৰি নদী পৰ্যটন ক্ষেত্ৰৰ ২০১৮ -১৯ ৰ মুকলি বৰ্ষতে ২৩ সহস্ৰাধিক দেশী বিদেশী পৰ্যটকৰ আগমন ঘটিছিল । বৰ্তমান সময়ত অসমৰ অন্যতম পৰ্যটন ক্ষেত্ৰলৈ পৰিনত হোৱা তেজপুৰৰ ভোমোৰাগুৰি নদী পৰ্যটন ক্ষেত্ৰ ২০২১ – ২২ বৰ্ষৰ হেতু পৰ্যটকৰ বাবে বন বিভাগে আনুষ্ঠানিকভাৱে মুকলি কৰে । আৰম্ভনি বৰ্ষতে ২৩ সহস্ৰাধিক দেশী বিদেশী পৰ্যটকক আকৰ্ষিত কৰি এক সোণোৱালি ইতিহাস ৰচা ভোমোৰাগুৰি নদী পৰ্যটন ক্ষেত্ৰ তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই গাম্ভীৰ্যপুৰ্ন পৰিবেশত নাৰিকল ভাঙি আৰু ফিটা কাটি মুকলি কৰে ।
কেইবাখনো স্পীড ব’টেৰে মুকলি হোৱা ভোমোৰাগুৰি নদী পৰ্যটনৰ অংশ হিচাপে বিধায়ক পৃথ্বীৰাজ ৰাভা ,উপায়ুক্ত ভূপেশ চন্দ্ৰ দাস , মুখ্য বন সংৰক্ষক ড° অমিত চাহাই , কাজীৰঙাৰ সঞ্চালক পি শিৱ কুমাৰ ,আৰক্ষী অধীক্ষক ড° ধনঞ্জয় পি ঘণাৱট , উত্তৰ অসম বন চক্ৰৰ বন সংৰক্ষক বংকীম শৰ্মাকে ধৰি আন আন বিষয়া সকলে ভোমোৰাগুৰিৰ পৰা শিলঘাটৰ সমীপলৈকে নৌকা বিহাৰ কৰে ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3vS5TDV
via IFTTT
Comments
Post a Comment