দুস্প্ৰাপ্য কাছ উদ্ধাৰঃ দুই যুৱকক প্ৰশংসা স্থানীয় লোকৰ…

ডিজিটেল ডেস্কঃ নাৰায়ণপুৰৰ বৰপথাৰৰ চামগুৰিত উদ্ধাৰ হৈছে এটি দুস্প্ৰাপ্য কাছ। বুধবাৰে পুৱা চামগুৰি অঞ্চলৰ এখন পথাৰলৈ যোৱা পৰিত্যক্ত পথত উদ্ধাৰ কৰা হৈছে এই কাছটো। জানিব পৰা মতে স্থানীয় যুৱক ৰঞ্জিত ভূঞা আৰু নিৰঞ্জণ ভূঞাই উদ্ধাৰ কৰিছে এই কাছটো। উদ্ধাৰ হোৱা কাছটো পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ সহযোগত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ জন্মস্থান লেটেকুপুখুৰীত এৰি দিয়া যুৱকদ্বয়ে। দুস্প্ৰাপ্য কাছটো উদ্ধাৰ কৰি এইদৰে লেটেকুপুখুৰীত এৰি দিয়া কাৰ্যত স্থানীয় লোকসকলে যুৱকদ্বয়ক প্ৰশ্ংসা কৰিছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3jGMQrs
via IFTTT
Comments
Post a Comment